অসম

assam

By

Published : Oct 17, 2020, 8:04 PM IST

ETV Bharat / state

হাফলঙত ক’ভিড-19ৰ প্ৰটক’ল অমান্য

পাহাৰীয়া জিলা ডিমা হাছাওত ৰাইজৰ মাজত দেখা পোৱা নাই সামাজিক দুৰত্ব। একাংশ লোকে অমান্য কৰিছে চৰকাৰী নিয়ম নীতি আৰু স্বাস্থ্য বিধি। যাৰ বাবে ক’ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকাই দেখা দিছে ৷

haflaong no awareness covid-19
হাফলংত অমান্য ক’ভিড-19ৰ প্ৰটকল

ডিমা হাছাও ,17 অক্টোবৰঃ হাফলং চহৰৰ একাংশ ৰাইজৰ মাজত মহামাৰী ক’ভিডক লৈ সজাগতাৰ অভাৱ পৰিলক্ষিত হৈছে। সামাজিক দুৰত্ব বর্তাই নাৰাখি বজাৰত ভিৰ কৰিছে ৰাইজে ৷ অধিকাংশ লোকে অমান্য কৰিছে চৰকাৰী নিয়ম নীতি আৰু স্বাস্থ্য বিধি। মাস্ক অবিহনে বজাৰত ঘুৰি ফুৰিছে একাংশ ৰাইজ। দুৰ্গা পূজাৰ বাবে সকলো নিয়ম নীতি উলংঘা কৰি এতিয়া বজাৰত ভিৰ কৰিছে ৰাইজে ।

ৰাজ্যত এতিয়া ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস পাইছে যদিও ডিমা হাছাও জিলাত এতিয়াও ক’ভিড-19ত আক্রান্ত হৈ আছে বহুত লোক ৷ ইয়াৰ পিচতো সজাগ আৰু সচতেন নহয় ৰাইজ। স্বাস্থ্য বিভাগে মাইক যোগে ক’ভিড-19ৰ ভয়াৱহতাৰ বিষয়ে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাও দেখা গৈছিল। কিন্তু ৰাইজৰ পৰা একো সঁহাৰি লাভ নকৰিলে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে । উল্লখযোগ্য যে, দুৰ্গা পূজাৰ সময়ত যদি ৰাইজে স্বাস্থ্য বিধি আৰু চৰকাৰী নিয়ম মানি নচলে তেনেহলে নবেম্বৰ আৰু ডিচেম্বৰ মাহৰ ভিতৰত ক’ভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকাই অধিক ৷

লগতে পঢ়কঃ দৰঙৰ কাতি বিহু উদযাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details