অসম

assam

ETV Bharat / state

উমৰাংচুৰ 15 কিলোত যুৱতীৰ মৃতদেহ উদ্ধাৰ - umrangshu girl deadbody

ৰহস্যজনকভাবে সন্ধানহীন হৈ পৰা যুৱতীগৰাকীৰ মৃতদেহ বুধবাৰে পুুৱা প্ৰায় 10 বজাত গাঁওবাসীয়ে 15 কিলো এলেকাৰ পৰা কিছু নিলগৰ জংঘলৰ মাজত প্ৰত্যক্ষ কৰি উমৰাংচু আৰক্ষীক খবৰ দিয়ে ৷

GIRL DEAD BODY RECOVERED AT UMRANGSHU
উমৰাংচোৰ 15 কিলোত যুৱতীৰ মৃতদেহ উদ্ধাৰ

By

Published : Jan 21, 2020, 7:12 PM IST

ডিমা হাছাও 21 জানুৱাৰী: ডিমা হাছাও জিলাৰ উমৰাংচুত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে উমৰাংচু আৰক্ষী থানাৰ অন্তৰ্গত 15 কিলোৰ পৰা বুধবাৰে পুৱা এগৰাকী 18 বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰে উমৰাংচো আৰক্ষীয়ে।

উমৰাংচোৰ 15 কিলোত যুৱতীৰ মৃতদেহ উদ্ধাৰউমৰাংচোৰ 15 কিলোত যুৱতীৰ মৃতদেহ উদ্ধাৰ

সোমবাৰে নিশা প্ৰায় 10 বজাত উমৰাংচু 15 কিলোৰ বাসিন্দা হেংচেঙলৈ খেলমা নামৰ যুৱতীগৰাকী ঘৰৰ পৰা কোনো কামত ওলাই অহাৰ পৰা নিৰুদ্দেশ হৈ আছিল । ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰা যুৱতীগৰাকীৰ মৃতদেহ বুধবাৰে পুুৱা প্ৰায় 10 বজাত গাঁওবাসীয়ে 15 কিলো এলেকাৰ পৰা কিছু নিলগৰ জংঘলৰ মাজত প্ৰত্যক্ষ কৰি উমৰাংচু আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি উমৰাংচু অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে।

লগতে পঢ়ক তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত 27তম প্ৰতিষ্ঠা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details