অসম

assam

ETV Bharat / state

Congress party:উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্যৰ কংগ্ৰেছ দলত যোগদান

ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মী উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্য বাবুল হোজাইৰ কংগ্ৰেছ দলত যোগদান ।

Former DNLA member Babul Hojai joins Congress party
কংগ্ৰেছ দলত যোগদান

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 12:30 PM IST

কংগ্ৰেছ দলত যোগদান

হাফলং, 6 নৱেম্বৰ :ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মী চুমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্য বাবুল হোজাইৰ কংগ্ৰেছ দলত যোগদান । দেওবাৰ বিয়লি হাফলং ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য, ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰ আৰু কংগ্ৰেছ দলৰ নেতা কৰ্মীৰ উপস্থিতিত ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মী নামৰ উগ্ৰপন্থী সংগঠনটোৰ প্ৰাক্তন সদস্য বাবুল হোজাই আৰু বিজেপি নেতা ৰথীন্দ্ৰ থাওচেনে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ।

ইয়াৰ উপৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা 50 জনৰ অধিক নেতা কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে । দেওবাৰে কংগ্ৰেছ দলত যোগদান কৰি বাবুল হোজাইয়ে কয় অহা এক দুই সপ্তাহৰ ভিতৰতে ডিএনএলএৰ আৰু কিছু প্ৰাক্তন সদস্যই কংগ্ৰেছ দলত যোগদান কৰিব ।

অন্যহাতে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই কয় কংগ্ৰেছ দলত যোগদান কাৰ্যসূচী তেওঁলোকৰ দলৰ বাবে সুখবৰ । তেওঁ কয় বিজেপি পৰিচালিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত দুৰ্নীতি ভ্ৰষ্টাচাৰ ছিণ্ডিকেট ৰাজ চলি আছে, যাৰ বাবে সাধাৰণ ৰাইজৰ মাজত উৎসাহ নাই । সেই বাবেই এইবাৰ নিৰ্বাচনত কংগ্ৰেছ দলে জয়লাভ কৰাৰ উপৰিও উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ দখল কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে অপূৰ্ব ভট্টাচাৰ্যই । উল্লেখযোগ্য যে, এইবাৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ হাৰেংগাজাও সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্য বাবুল হোজাই ।

লগতে পঢ়ক :DNLA surrender news: শনিবাৰে মুখ্যমন্ত্ৰীৰ সমুখত DNLA ৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details