অসম

assam

ETV Bharat / state

বিজেপিত যোগদান কৰাৰ সম্ভাৱনা মোহিত হোজাইৰ ! - বিজেপিত যোগদান

বিজেপিত যোগদান কৰাৰ সম্ভাৱনা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মোহিত হোজাইৰ ৷ মোহিত হোজাইয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি জিলা বিজেপিৰ এক সূত্ৰই সদৰী কৰে ৷

Former CEM of NCHAC Mohit Hojai
আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 6:39 PM IST

হাফলং 30 নৱেম্বৰ : আঞ্চলিক ৰাজনৈতিক দল এএছডিচি ত্যাগ কৰি এইবাৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপিত যোগদান কৰিব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মোহিত হোজাইয়ে ৷ 18 অক্টোবৰত কাৰাগাৰৰ পৰা মুক্ত হৈ মুকলি আকাশৰ তললৈ অহাৰ পিচতে পুনৰ সক্ৰিয় ৰাজনীতিত যোগদান কৰাৰ সম্ভাৱনা মোহিত হোজাইৰ ৷ ইতিমধ্যে বিজেপিৰ প্ৰাথমিক সদস্য পদ বিচাৰি মোহিত হোজাইয়ে আবেদন কৰা বুলি জানিব পৰা গৈছে ৷

দুই-তিনি দিনৰ ভিতৰতে মোহিত হোজাইয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি জিলা বিজেপিৰ এক সূত্ৰই সদৰী কৰে ৷ আগন্তুক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব মোহিত হোজাই ৷ উল্লেখ্য যে, আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ অন্যতম নেতা আছিল মোহিত হোজাই ৷ 90 -ৰ দশকত পৃথক ৰাজ্য গঠনৰ দাবীত মোহিত হোজাইয়ে নেতৃত্ব দি আহিছিল দলটো ৷ যাৰ বাবে 1996 চনত পৃথক ৰাজ্য গঠনৰ ইছ্যু লৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত কংগ্ৰেছ দলক পৰাজিত কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ক্ষমতা দখল কৰিছিল এএছডিচি দলে আৰু মোহিত হোজাইয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগত কাৰ্যনিৰ্বাহক সদস্য ৰূপে কাৰ্যভাৰ সম্পাদন কৰিছিল ৷

ইয়াৰ পিচতে 2007 চনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত এএছডিচিয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ক্ষমতা পুনৰ দখল কৰে ৷ প্ৰথমতে ডেৰ বছৰ মুখ্য কাৰ্যবাহী সদস্য আছিল দেপলাল হোজাই ৷ ইয়াৰ পিচতে 2009 চনত মুখ্য কাৰ্যবাহী সদস্য হিচাবে মোহিত হোজাই মাত্ৰ তিনি মাহ থকাৰ পিচতে কোনো এক উগ্ৰপন্থী সংগঠনক ধন দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হয় ৷ ইয়াৰ পিচতে 14 বছৰ 5 মাহ কাৰাগাৰত থকাৰ পিচতে যোৱা 18 অক্টোবৰ মুক্তি লাভ কৰি মুকলি আকাশৰ তললৈ আহি বিজেপি দলত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে মোহিত হোজাইয়ে ৷

লগতে পঢ়ক :পাঁচ ৰাজ্যৰ নিৰ্বাচন সন্দৰ্ভত ভৱিষ্যদ্বাণী মন্ত্ৰী জয়ন্তমল্লৰ

ABOUT THE AUTHOR

...view details