অসম

assam

ETV Bharat / state

47 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতি গঠন

কাৰ্বি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতি গঠন ৷ ডিফুৰ তাৰালাংছস্থিত কাৰ্বি পিপুলছ হলত অনুষ্ঠিত এক সভাত সিদ্ধান্ত মৰ্মে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঙহাঙক বিত্ত উপ-সমিতিৰ অধ্যক্ষ হিচাপে বাচনি কৰা হয় ৷

By

Published : Dec 30, 2020, 8:21 PM IST

formation-reception-comeete-of-47th-karbi-youth-festival-in-diphu
47 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতি গঠন

ডিফু, 30 ডিচেম্বৰ : কাৰ্বি জনজাতি সকলৰ 47 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিখন বুধবাৰে গঠন কৰা হয় ৷ ডিফুৰ তাৰালাংছস্থিত কাৰ্বি পিপুলছ হলত অনুষ্ঠিত এক সভাত সিদ্ধান্ত মৰ্মে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঙহাঙক বিত্ত উপ-সমিতিৰ অধ্যক্ষ হিচাপে বাচনি কৰা হয় ৷

47 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতি গঠন

পৰিষদৰ কাৰ্যবাহী সদস্য মঙলচিং তিমুঙক সভাপতি, প্ৰাক্তন কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰক কাৰ্যকৰী সভাপতি, অশোক টেৰণ, নেলচন টেৰণ, ৰবি কুমাৰ ফাংচ', প্ৰাক্তন আই এছ বিষয়া জে আই কাথাৰক উপ-সভাপতিৰ দায়িত্ব অৰ্পন কৰা হয় ৷ একেদৰে, সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰে ৰিচাৰ্ড টকীবী, সহকাৰী সম্পাদকৰ হিচাপে দায়িত্ব লাভ কৰে ক্ৰমে, কে এন এল এফৰ অধ্যক্ষ পি দিলী, ৰামচিং টকবী, লাইচেন ইংলেং, মেৰিণা বেপী, আৰু কুংৰী টিমুঙপীয়ে ৷

কাৰ্যালয় সম্পাদক হিচাপে ক্ৰমে, গবিন তেৰাঙ, মিৰজেঙ ক্ৰ', লংচিং ৰংপি, সাংসদ হৰেণচিং বে' আৰু পাৰ্বত্য উন্ননয়ণ মন্ত্ৰী ছুম ৰংহাঙক উপদেষ্টা মণ্ডলী হিচাপে ৰখা হয় ৷ সভাত উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ঘোষণা কৰে যে, আগন্তক 47 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা 1 কোটি টকা বাজেট গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক :সত্যৰঞ্জন বৰাক উভতি ধৰিলে মুক্তাৰ হুছেইন খানে

ABOUT THE AUTHOR

...view details