অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ বান বিধ্বস্ত অঞ্চলৰ এজন যুৱকৰ বিশ্বমুখী যাত্ৰা - COVID পৰিস্থিতি

ডিব্ৰুগড় এটি অতি পিছপৰা বান বিধ্বস্ত অঞ্চলৰ এজন যুৱক ৷ অসমীয়া স্বাভিমানৰ পাট-মুগাৰ সাজযোৰক বিশ্ব দৰবাৰত চিনাকী কৰাৰ প্ৰয়াস ৷ দক্ষিণ-পূব এছিয়াৰ ভিন্ন দেশলৈ লৈ গৈছে সাজ-পাৰ ৷

ডিব্ৰুগড়ৰ বান বিধ্বস্ত অঞ্চলৰ এজন যুৱকৰ বিশ্বমুখী যাত্ৰা
ডিব্ৰুগড়ৰ বান বিধ্বস্ত অঞ্চলৰ এজন যুৱকৰ বিশ্বমুখী যাত্ৰা

By

Published : Aug 6, 2021, 9:31 PM IST

ডিব্ৰুগড় ,6 আগষ্ট :এগৰাকী অসমীয়া যুৱকে দেশৰ ভিন্ন স্থানৰ লগতে এছিয়া মহাদেশৰ ভিন্ন দেশ দেশত চিনাকী কৰিছে অসমীয়া শিপিনীয়ে শালত বোৱা অসমীয়াৰ গৌৰৱ গামোচা, আহোম জনগোষ্ঠীয় মুগা-পাটৰ সাজ, টাই আহোমৰ ভিন্ন বস্ত্ৰ লগতে ৰাজ্যৰ নানা জাতি জনগোষ্ঠী বস্ত্ৰ সমূহ । আনকি এতিয়া ইংলেণ্ড, অষ্ট্ৰেলিয়া আদি দেশৰ পৰাও চাহিদা আহিছে যুৱকজনৰ সৰু উদ্যোগটোত অসমীয়া শিপিনীয়ে গঢ়া সাজ-পাৰ সমূহৰ । এমাজন, ফ্লিপকাৰ্ট জাতীয় অনলাইন চাইটতো চাহিদা আৰম্ভ হৈছে এই বস্ত্ৰ সমূহৰ ।

যুৱকজনৰ নাম হৰ্ষজিৎ সন্দিকৈ । নিবনুৱা সমস্যাত ভাৰক্ৰান্ত আন বহু যুৱকৰ দৰে নাথাকি তথা চৰকাৰী চাকৰিলৈ বাট নাচাই উচ্চ শিক্ষিত যুৱকজনে 2013 বৰ্ষতে সপোন দেখিছিল নিজেই কিবা এটা কৰ্ম কৰি সংস্থাপিত হোৱাৰ লগতে আন দহ জনকো সংস্থাপন দিয়াৰ । আৰম্ভ কৰিছিল কঠোৰ সংগ্ৰাম । দীৰ্ঘ দিনীয়া বহু সমস্যাৰ মাজত তেওঁৰ একক প্ৰচেষ্টাত ডিব্ৰুগড়ত প্ৰাণ পাই উঠিল JANSAI ETHNICS নামৰে এটি বস্ত্ৰ উদ্যোগে ।

ডিব্ৰুগড়ৰ বান বিধ্বস্ত অঞ্চলৰ এজন যুৱকৰ বিশ্বমুখী যাত্ৰা

ডিব্ৰুগড়ৰ লেজাইৰ লগতে ভিন্ন স্থানত বহু কেইটা সৰু সৰু বস্ত্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি যুৱক জনে 45 গৰাকী শিপিনীকে ধৰি বহু কৰ্মহীন যুৱকক দিছে কৰ্ম সংস্থাপন ৷ ইতিমধ্যে কুৱেইট, ম্যানমাৰ, চীন, লাউচ, থাইলেণ্ড, ভিয়েটনাম আদি দেশলৈ যোগান ধৰা এই অসমীয়া বস্ত্ৰই লাভ কৰিছে বিশেষ সমাদৰ । ইয়াৰ সমান্তৰালকৈ হৰ্ষজিতে ভ্ৰাম্যমাণ থিয়েটাৰ, অসমীয়া বোলছবিত, ভিন্ন দৃশ্য গীতত নিজৰ প্ৰতিষ্ঠানত তৈয়াৰ কৰা বস্ত্ৰ যোগান ধৰাৰ লগতে সাজসজ্জাৰ ডিজাইনো প্ৰস্তুত কৰি আহিছে ।

লগতে পঢ়ক : গ্ৰাম্য কৰৰ কথা কৈ বিপদত ৰণজিৎ কুমাৰ দাস : পদত্যাগৰ দাবী বিৰোধীৰ

জানিব পৰা মতে, বলিউদৰ হিন্দী বোলছবিৰ ড্ৰেছ ডিজাইন সম্পৰ্কীয় বিষয়তো হৰ্ষজিতৰে চলিছে আলোচনা । শেহতীয়াকৈ বিধান সভাৰ মজিয়াত অসমৰ বিধায়ক সকলে পৰিধান কৰা আহোম জনগোষ্ঠীয় গামোচা ফা-ছিৎখনো যোগান ধৰিছিল হৰ্ষজিতে । কোনো চৰকাৰী সাহায্য অবিহনে প্ৰতিষ্ঠা কৰা এই উদ্যোগত এতিয়া COVID পৰিস্থিতিৰ বাবে আহি পৰিছে ভিন্ন সমস্যা । তথাপি থমকি নৰৈ এই থলুৱা উদ্যোগত দুগুণ উদ্যমেৰে কাম কৰি গৈছে হৰ্ষজিৎ সহ শিপিনী সকলে ৷

নিজে বৈ দিয়া সাজ যোৰ বিশ্বৰ আগশাৰীৰ দেশৰ লোকে পৰিধান কৰাত আনন্দিত হৈছে তেওঁলোক ৷ হৰ্ষজিতৰ প্ৰচেষ্টা, বিশ্বৰ প্ৰতিখন দেশৰ মাজত অসমীয়া সাজ-পাৰ সমূহ চিনাকি কৰি দিয়াৰ । এই প্ৰসংশনীয় পদক্ষেপত চৰকাৰৰ সু-দৃষ্টি পৰিলে হয়তো আৰু অধিক আগবাঢ়িব পাৰিব উদীয়মান যুৱক হৰ্ষজিৎ ৷

লগতে পঢ়ক : চম্পাৱতী নৈয়ে 20 খন গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে

ABOUT THE AUTHOR

...view details