ডিমা হাছাও, 6 জুলাই :প্ৰকৃতিৰ ৰোষত পাহাৰীয়া জিলা ডিমা হাছাও (Landslide in Dima Hasao)৷ ভূমিস্খলনে লগ এৰা নাই পাহাৰীয়া জিলাখনক ৷ এইবাৰ ডিমা হাছাওবাসীৰ বাবে অভিশপ্ত হৈ উঠিছে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰ তথা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো (Screams of death in Dima Hasao) ।
বিগত এসপ্তাহত এই 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পৃথকে পৃথকে সংঘটিত হোৱা দুৰ্ঘটনাত 5 গৰাকী লোকৰ মৃত্যু হৈছে (Tragic situation in Dima hasao) । এই দুৰ্ঘটনাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক জগৰীয়া কৰিছে তৃণমূল কংগ্ৰেছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদাসীনতাৰ বাবে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া মৃত্যুৰ দুৱাৰ দলি ৰূপে পৰিগণিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছে ।
তৃণমূল কংগ্ৰেছে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰ তথা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে অনতি পলমে ৰাষ্ট্ৰীয় ঘাইপথচোৱা মেৰামতি কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে (Trinamool Congress demands road repair in Dima Hasao) ৷ সেই হেতুকে মঙলবাৰে ডিমা হাছাও জিলাৰ উপায়ুক্ত নাজৰিন আহমেদক সাক্ষাৎ কৰি তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা উক্ত বিষয় সন্দৰ্ভত এখনি স্মাৰকপত্ৰ প্ৰদান কৰা হয় ।