ডিমা হাছাও, 9 জুন :অৱশেষত 25 বছৰৰ পিছত ডিমা হাছাওৰ প্ৰতিনিধিৰূপে নন্দিতা গাৰ্লোচাই ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্ধিত মন্ত্ৰীসভাত স্থান লাভ কৰে । বৃহস্পতিবাৰে মন্ত্ৰী পদত শপত গ্ৰহণ কৰাৰ (Nandita Garlosa take oath as minister) পিছতে উৎফুল্লিত হৈ পৰিছে এতিয়া ডিমা হাছাওবাসী ।
ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত নন্দিতা গাৰ্লোচাক চাৰিটা দপ্তৰৰ দায়িত্ব প্ৰদান কৰা হৈছে (Nandita Garlosa included in ministry)৷ ইয়াৰ মাজতে আছে শক্তি, সমবায়, খনি আৰু খনিজাত সম্পদ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস তথা সংস্কৃতি বিভাগ ৷
ইপিনে নন্দিতা গাৰ্লোচাই মন্ত্ৰিত্ব লাভ কৰাৰ পিছতে তেওঁক অভিনন্দন জনাই ডিমাছা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইছ হচম আৰু ডিমাছা সাহিত্য সভাই । ৰাজ্যৰ মন্ত্ৰী হোৱাৰ বাবে ডিমাছা সাহিত্য সভাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনায় ৷ লগতে ডিমাছা সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক কুমুদ কেম্প্ৰায়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ৷
লগতে পঢ়ক :প্ৰথমবাৰলৈ তিনি পাহাৰীয়া জিলাই পালে মহিলা মন্ত্ৰী: জিলা এখন, মন্ত্ৰী দুজন