শিলচৰ,18 এপ্ৰিল: শিলচৰ চহৰৰ দাস কলনীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ চহৰখনৰ মাজমজিয়াৰ দাস কলনীৰ বিপৰীত দিশত থকা এখন কম্পিউটাৰ দোকানৰ গুদামত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত জাহ যায় ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ লক্ষাধিক মূল্যৰ সা-সামগ্ৰী ৷ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে প্ৰায় দুঘণ্টা সময় চেষ্টা চলোৱাৰ পিছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷
শিলচৰ চহৰত ভয়ানক অগ্নিকাণ্ড - দাস কলনী
শিলচৰত ভয়ংকৰ অগ্নিকাণ্ড ৷ চহৰৰ মাজমজিয়াৰ দাস কলনীৰ বিপৰীত দিশত থকা এটা কম্পিউটাৰ দোকানৰ গুদামত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷
![শিলচৰ চহৰত ভয়ানক অগ্নিকাণ্ড শিলচৰ চহৰত ভয়ানক অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11453100-489-11453100-1618763786531.jpg)
শিলচৰ চহৰত ভয়ানক অগ্নিকাণ্ড
শিলচৰ চহৰত ভয়ানক অগ্নিকাণ্ড
ভয়ংকৰ অগ্নিকাণ্ডটো বৈদ্যুতিক শ্ব’ৰ্ট চাৰ্কিটৰ বাবে সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ অগ্নি নিৰ্বাপক বাহিনীৰ ক্ষীপ্ৰতাৰ বাবে সোনকালে জুই নুমুৱাবলৈ সক্ষম হয় ৷
লগতে পঢ়ক :ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল ৰৌমাৰীবাসী