ডিমা হাছাও, 8 মে’:অব্যাহত আছে অসম প্ৰদেশ কংগ্ৰেছৰ খহনীয়া (Congress in a weak position in state) । বিগত 5 মে’ত ডিমা হাছাও জিলা কংগ্ৰেছৰ সম্পাদকৰ পদ আৰু কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰি কংগ্ৰেছ দল ত্যাগ কৰিছিল ফিৰোজ লাংথাচাই (Feroz Langthasa left congress) ৷ তাৰ পিছতেই 8 মে’ত তেওঁ বিজেপি দলত যোগদান কৰি (Feroz Langthasa joined in BJP) কয়, ৰাজ্য আৰু ডিমা হাছাও জিলাত কংগ্ৰেছ দলৰ অৱস্থা শোচনীয় হৈ পৰিছে । লগতে দেবলাল গাৰ্লোচাৰ নেতৃত্বত ডিমা হাছাও জিলাত ব্যাপক উন্নয়নৰ কাম চলিছে ।
জিলাখনৰ উন্নয়নৰ বাবে আৰু বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰিছে মন্তব্য কৰে ফিৰোজ লাংথাচাই ৷ তেওঁৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ হাজাদিছা এলেকাৰ আৰু 11 গৰাকী কংগ্ৰেছ নেতা-কৰ্মীয়ে এই অনুষ্ঠানৰ যোগেদি বিজেপি দলত যোগদান কৰে ।আগন্তুক দিনত হাজাদিছা এলেকাৰ ভোটাৰ সকল বিজেপি দলত যোগদান কৰিব বুলি মন্ত্যব কৰে ফিৰোজ লাংথাচাই ।
উল্লেখ্য যে, সম্প্ৰতি কংগ্ৰেছ দলৰ নেতৃত্বক লৈ কংগ্ৰেছৰ বহু নেতা কৰ্মী আৰু যুৱ নেতৃত্বৰ মাজতে সৃষ্টি হৈছে ক্ষোভৰ । যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যতে দলটোৰ প্ৰতি অনীহা জন্মাৰ দৰে এক পৰিৱেশৰ সৃষ্টি হৈছে ।