ডিমা হাছাও 15 মেঃ ডিমা হালম দাওগা (ডিএইচডি) উগ্ৰপন্থী সংগঠনৰ সদস্য তথা ঠিকাদাৰ সন্তোষ হোজাই হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰে ডিএইচডি-ৰ প্ৰাক্তন অধ্যক্ষ দিলীপ নুনিচা ৷ সন্তোষ হোজাই হত্যাকাণ্ডৰ বিৰুদ্ধে সংগঠনটোৰ সদস্য সকলক একত্ৰিত হৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান নেতা গৰাকীৰ ৷
ঠিকাদাৰ সন্তোষ হোজাই হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ ডিএইচডি-ৰ প্ৰাক্তন অধ্যক্ষ - ডিমা হালম দাওগা
সন্তোষ হোজাই হত্যাকাণ্ডৰ সুবিচাৰ বিচাৰি গণতান্ত্ৰিক আন্দোলনৰ বাবে উগ্ৰপন্থী সংগঠনটোৰ সদস্য সকলক ওলাই অহাৰ আহ্বান প্ৰাক্তন অধ্যক্ষ গৰাকীৰ ৷ সন্তোষ হোজাই হত্যাৰ যেতিয়া লৈকে সুবিচাৰ নহয়, তেতিয়া হ'লে অনাগত দিনত জিলা খনত জংগী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্ত্যব্য কৰে (ডিএইচডি)নেতা দিলীপ নুনিচাৰ।

ডিমা হালম দাওগা (ডিএইচডি) উগ্ৰপন্থী সংগঠনৰ সদস্য তথা ঠিকাদাৰ সন্তোষ হোজাইক কিছুদিন পূৰ্বে কোনো দুৰ্বৃত্তই হত্যা কৰিছিল ৷ ঘটনা সন্দৰ্ভত পৰিয়াল তথা বিভিন্ন দল সংগঠনে ঘটনাটোৰ ন্যায় বিচাৰি আৰক্ষীক অৱগত কৰিছিল ৷ কিন্তু দীৰ্ঘ দিনে এই হত্যাকণ্ডৰ লগত জড়িত কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম নোহাৱাত ক্ষুব্ধ হৈ পৰে পৰিয়ালৰ লগতে বিভিন্ন দল সংগঠন ৷ আনহাতে, হত্যাকাণ্ডৰ সুবিচাৰ বিচাৰি গণতান্ত্ৰিক আন্দোলনৰ বাবে উগ্ৰপন্থী সংগঠনটোৰ প্ৰাক্তন সদস্য সকলক ওলাই অহাৰ আহ্বান ডিএইচডিৰ প্ৰাক্তন অধ্যক্ষ তথা ডিএইচডি সদস্য সকলকলৈ গঠিত হোৱা হালালি প্ৰগ্ৰেচীভ ৱেলফেয়াৰ চোচাইটিৰ সভাপতি দিলীপ নুনিচাৰ। আনহাতে, ডিএইচডি-ৰ লগত চৰকাৰ চুক্তি স্বাক্ষৰিত হোৱাৰ 8 বছৰ পাৰ হৈ যোৱাৰ পিছতো এতিয়ালৈকে চুক্তিত লিপিবদ্ধ হোৱা দফা সমূহৰ ৰূপায়ন হোৱা নাই বুলি মন্ত্যৱ কৰি ক্ষোভ প্ৰকাশ কৰে দিলীপ নুনিচাই। সেই লৈ সংগঠনটোৰ সকলো সদস্যক একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে চুক্তিত লিপিবদ্ধ হোৱা দফা সমূহৰ ৰূপায়নৰ বাবে ওলাই আহিবলৈ আহ্বান জনায় ৷ লগতে, সন্তোষ হোজাইৰ হত্যাৰ প্ৰতিবাদত 36 ঘন্টাৰ ডিমা হাছাও বন্ধ সফল কৰাৰ বাবে সকলোকে ধন্যবাদ জনাই দিলীপ নুনিচায় ৷ সন্তোষ হোজাই হত্যাৰ যেতিয়া লৈকে সুবিচাৰ নেপায় তেতিয়া হলে অনাগত দিনত হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গণতান্ত্ৰিক ভাবে অনিদৃষ্টকালীন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্ত্যব্য কৰে দিলীপ নুনিচাই।