অসম

assam

ETV Bharat / state

ইটিভি বাতৰিৰ প্ৰভাৱঃ হাফলং নগৰ সমিতিৰ কাৰ্যালয়ৰ পৰা স্থানন্তৰিত পাৰ্কিং পইণ্ট - ডিমা হাছাও জিলা

হাফলং চহৰৰ মাজমজিয়াত থকা হাফলং নগৰ সমিতিৰ কাৰ্যালয়ৰ পথাৰখনত কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল ট্ৰাইবেল মাৰ্কেট। দীৰ্ঘদিনৰ পৰা এই নগৰ সমিতিৰ পথাৰখনত হাফলংৰ বজাৰ বহি আহিছিল। কিন্তু ডিমা হাছাও জিলাৰ বিভিন্ন গাঁৱৰ পৰা শাক-পাচলি আৰু বিভিন্ন সামগ্ৰী লৈ অহা লোক সকলৰ বাবে নগৰ সমিতিৰ এই পথাৰখনত নিৰ্মাণ কৰা হৈছিল ট্ৰাইবেল মাৰ্কেট।

etv bharat news impact at hafolong
ইটিভি বাতৰিৰ প্ৰভাৱঃ হাফলং নগৰ সমিতিৰ কাৰ্যালয়ৰ পৰা স্থানন্তৰিত কৰা হ’ল পাৰ্কিং পইণ্ট

By

Published : Nov 4, 2020, 7:25 PM IST

ডিমা হাছাও 4 নৱেম্বৰঃ অৱশেষত হাফলং নগৰ সমিতিৰ কাৰ্যালয়ৰ পথাৰ খনৰ পৰা স্থানন্তৰিত কৰা হ’ল পাৰ্কিং পইণ্ট। যোৱা 28 অক্টোবৰ ইটিভি ভাৰতত এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে হাফলং নগৰ সমিতিয়ে পথাৰ খনৰ পৰা পাৰ্কিং পইণ্টৰ স্থান সলনি কৰিবলৈ বাধ্য হৈ পৰে। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাৰ নিৰ্দেশত সলনি কৰা হ’ল পাৰ্কিং পইণ্টটো।

হাফলং চহৰৰ মাজমজিয়াত থকা হাফলং নগৰ সমিতিৰ পথাৰখনত কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল ট্ৰাইবেল মাৰ্কেট। দীৰ্ঘদিনৰ পৰা এই নগৰ সমিতিৰ পথাৰখনত হাফলঙৰ বজাৰখন বহি আছিল। কিন্তু ডিমা হাছাও জিলাৰ বিভিন্ন গাঁৱৰ পৰা শাক-পাচলি আৰু বিভিন্ন সামগ্ৰী লৈ অহা লোক সকলৰ বাবে নগৰ সমিতিৰ এই পথাৰখনত নিৰ্মাণ কৰা হৈছিল ট্ৰাইবেল মাৰ্কেট।

ইপিনে ট্ৰাইবেল মাৰ্কেট নিৰ্মাণ হোৱাৰ পিছতে হাফলং নগৰ সমিতিয়ে কাৰ্যালয়ৰ পথাৰখন পাৰ্কিং পইণ্টৰ বাবে লিজত দি দিয়াৰ পিছত ইমান দিন পথাৰখন পাৰ্কিং পইণ্ট হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু ইটিভি ভাৰতত বাতৰি প্ৰকাশ হোৱাৰ পিছত বুধবাৰৰ পৰা নগৰ সমিতিৰ পথাৰখনৰ পৰা পাৰ্কিং পইণ্ট সলনি কৰি পাহাৰীয়া জিলাৰ বিভিন্ন গাঁৱৰ পৰা শাক-পাচলি আৰু বিভিন্ন সামগ্ৰী লৈ অহা লোক সকলৰ বাবে মুকলি কৰি দিবলৈ বাধ্য হৈছে হাফলং নগৰ সমিতি।

লগতে পঢ়কঃ দিল্লীত শীতৰ প্ৰকোপঃ তাপমাত্ৰা হয়গৈ ১০.৬ ডিগ্ৰী চেলচিয়াছ

ABOUT THE AUTHOR

...view details