অসম

assam

ETV Bharat / state

Assembly Members Visit Dima Hasao: অসম বিধানসভাৰ প্ৰাককলন কমিটিৰ সদস্যৰ ডিমা হাছাও ভ্ৰমণ - Assembly Member observes Dima Hasao development

শুকুৰবাৰে অসম বিধানসভাৰ প্ৰাককলন কমিটিয়ে পৰিদৰ্শন কৰে ডিমা হাছাও জিলা (Estimate Committee of Assam Assembly) । বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত ১১ জনীয়া সদস্যৰ এটি দলে বুজ ল’লে ডিমা হাছাওৰ কাম-কাজৰ অগ্ৰগতিৰ । পাহাৰীয়া জিলাখনৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বুজ লয় বিধান সভাৰ প্ৰাককলন কমিটিৰ সদস্যসকলে ।

assam legislative assembly member visit dima hasao
অসম বিধান সভাৰ প্ৰাককলন কমিটিৰ সদস্যৰ ডিমা হাছাও ভ্ৰমণ

By

Published : Nov 11, 2022, 8:44 PM IST

ডিমা হাছাও,১১ নৱেম্বৰ: শুকুৰবাৰে অসম বিধান সভাৰ প্ৰাককলন কমিটি (Estimate Committee of Assam Assembly) ৰ সদস্য সকল উপস্থিত হয় ডিমা হাছাও জিলাত । অসম বিধান সভাৰ প্ৰাককলন কমিটিৰ অধ্যক্ষ তথা বিধায়ক প্ৰশান্ত ফুকন(MLA Prashanta Phukan)ৰ নেতৃত্বত ১১ সদস্যৰ এটি দল বৃহস্পতিবাৰে আহি উপস্থিত হয় হাফলঙত ।

অসম বিধানসভাৰ প্ৰাককলন কমিটিৰ অধ্যক্ষ তথা বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত অহা ১১ গৰাকী সদস্যই ডিমা হাছাও জিলাত চলি থকা বিভিন্ন উন্নয়ন মূলক প্ৰকল্পৰ কামৰ বুজ লয় (Assembly Member Visit Dima Hasao) । বৃহস্পতিবাৰ গুৱাহাটীৰ পৰা হাফলঙলৈ অহাৰ পথত পাহাৰীয়া জিলাখনৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বুজ লয় বিধান সভাৰ প্ৰাককলন কমিটিৰ সদস্যসকলে ।

শুকুৰবাৰেও বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়ন মূলক প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ লয় (Assembly Member observes Dima Hasao development) । ইপিনে আজি হাফলং চাৰ্কিট হাউচত বিধান সভাৰ প্ৰাককলন কমিটিৰ অধ্যক্ষ প্ৰশান্ত ফুকনে সাংবাদিকৰ আগত কয় তেওঁলোকে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা হাফলঙলৈ অহাৰ পথত ১০-১২ খন আঁচনি চাই আহিছে । কামৰ অগ্ৰগতি সম্পৰ্কে সাংবাদিকৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে বিধায়ক প্ৰশান্ত ফুকন ।

অসম বিধান সভাৰ প্ৰাককলন কমিটিৰ সদস্যৰ ডিমা হাছাও ভ্ৰমণ

তেওঁ কয় যে, দলটো ইয়াৰ পৰা উভতি গৈ বিধানসভাত এক ৰিপোৰ্ট দাখিল কৰিব । লগতে তেওঁ কয় গুৱাহাটীৰ পৰা অহাৰ পথত তেওঁলোকে বিভিন্ন আঁচনিৰ কাম প্ৰত্যক্ষ কৰাৰ পিছতে এটা বস্তু দেখি সন্তুষ্টি লাভ কৰিলে যে, ডিমা হাছাওত কাম কৰাৰ পৰিবেশ তেওঁলোকে দেখা পাইছে । ইফালে ৰাষ্ট্রীয় ঘাইপথৰ কাম তেওঁলোকে প্ৰত্যক্ষ কৰা বুলি উল্লেখ কৰি প্ৰশান্ত ফুকনে কয় যে, ডিমা হাছাও জিলাত যি প্ৰকৃতিক দুৰ্যোগৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ সমূহ বেয়া হৈ পৰিছিল সেই পথসমূহ ভাল হোৱাতো অতি প্ৰয়োজন । এই সন্দৰ্ভতো অহা বিধানসভাত ৰিপোৰ্ট দাখিল কৰিব বুলি বিধায়কগৰাকীয়ে মত প্ৰকাশ কৰে ।

লগতে পঢ়ক:SFI and DYFI protest in Guwahati : ৮ হাজাৰ শিক্ষক পদ বিলুপ্তিৰ সিদ্ধান্ত বাতিলৰ দাবীত গুৱাহাটীত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details