হাফলং, 19 আগষ্ট : ডিমা হাছাও জিলাত কুকি ট্ৰাইবেল ইউনিয়ন উগ্ৰপন্থী সংগঠনৰ আঠ গৰাকী সদস্যৰ আত্মসমৰ্পণ (Eight Kuki militant surrendered)। শুকুৰবাৰে হাফলং চৰকাৰী বাগানস্থিত অসম ৰাইফলছৰ কেম্পত (Assam Rifles camp in Halflong) কৰ্ণেল অশোক ভাণ্ডাৰীৰ ওচৰত কুকি ট্ৰাইবেল ইউনিয়ন উগ্ৰপন্থী সংগঠনৰ আঠ গৰাকী সদস্যই আত্মসমৰ্পণ কৰে (KTU members surrendered in Dima Hasao)৷
আত্মসমৰ্পণ কৰা উগ্ৰপন্থী সংগঠনটোৰ কিছু সদস্য কাৰ্বি-আংলং আৰু ডিমা হাছাও জিলাৰ । কুকি ট্ৰেইবেল ইউনিয়ন উগ্ৰপন্থী সংগঠনৰ এগৰাকী সদস্যই দাবী কৰে যে, তেওঁলোকে ইমান দিন এনএছচিএন (আইএম) ৰ হৈ কাম কৰি আহিছে । ইমান দিনৰ পৰা তেওঁলোক এনএছচিএন (আইএম) ৰ হেবৰন কেম্পত আছিল (Naga militant in North East)।