ডিমা হাছাও 11 জুলাই : ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সময়ত ১৯৯৮ চনৰ ১০ অক্টোবৰ তাৰিখে গুজৰাটৰ সৌৰাষ্ট্ৰৰ পৰা অসমৰ শিলচৰ লৈ ৩৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইষ্ট-ৱেষ্ট কৰিড'ৰ চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বিষয়ে আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হৈছিল। ২০০৪ চনত তেতিয়াৰ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী বি চি খাণ্ডুৰিয়ে এই পথৰ আধাৰশিলা স্থাপন কৰিছিল। তথ্য অনুসৰি তিনি বছৰ অৰ্থাৎ ২০০৭ চনৰ ভিতৰত নিৰ্মাণ কাম সম্পূৰ্ণ হোৱাৰ কথা আছিল। কিন্তু বেলেগ ৰাজ্য বা অসমৰ আন প্ৰান্তত এই পথৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিলেও ডিমা হাছাও জিলাৰ জাতিংগা-হাৰাংগাজাও এলেকাত নতুনকৈ জৰীপৰ কাম চলি আছে।
ইষ্ট-ৱেষ্ট কৰিড'ৰৰ চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ জাতিংগা-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ যেন ঠিকাদাৰী সন্থা আৰু নিৰ্মাণ কৰ্তৃপক্ষৰ কাৰণে এটা সোণৰ খনিত পৰিণত হৈছে। কাৰণ প্ৰতিবছৰে এই পথ সংস্কাৰৰ নামত কোটি কোটি টকা মোকলাই দিয়াৰ পাচতো ঘাইপথৰ উন্নতি সাধন হোৱা নাই । বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত থকা জাতিংগা- হাৰাংগাজাওত মাথো ২৫ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম যোৱা নবছৰে সম্পূৰ্ণ হৈ উঠা নাই । বৰ্তমান পথ সূচল ৰখাৰ কাৰণে ৰত্না ইনফ্ৰা নামৰ ঠিকাদাৰী সন্থাক দায়িত্ব দিয়া হৈছে। কিন্তু তেনে কাম হোৱা বা কৰি থকাৰ দৃশ্য পৰিলক্ষিত হোৱা নাই ।
অনিশ্চয়তাত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোনৰ পথ আচলতে কেতিয়ালৈ ইষ্ট ৱেষ্ট কৰিড'ৰ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হ'ব সেইয়ালৈ অনিশ্চয়তাই দেখা দিছে ৷ কেৱল এই 25 কিলোমিটাৰ নহয়, হাৰাংগাজাও আৰু শিলচৰৰ বালাচৰালৈ ৩১ কিলোমিটাৰ পথৰ কামো ধীৰ গতিত চলি আছে । এই ৩১ কিলোমিটাৰ পথৰ কাম এনএইচআইডিচিএলৰ অধীনত ৰাজ্যৰ বাহিৰৰ ঠিকাদাৰী সন্থা ছুচি ইনফ্ৰা আৰু জেএছচিপি (জয়েন্ট ভেঞ্চাৰ)ৰে যোৱা এটা বছৰৰ অধিক কাল ধৰি কৰি আছে। কিন্তু বৰ্তমানলৈকে কাম আগবঢ়া নাই বুলি অভিযোগ উত্থাপিত হৈছে ৷ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোনৰ এই পথ কেতিয়া সম্পূৰ্ণ হ'ব সেইয়া বৰ্তমান অনিশ্চয়তাত সোমাই পৰিছে ৷
লগতে পঢ়ক :চিৰদিনৰ বাবে শুকাই যাব নেকি ব্ৰহ্মপুত্ৰ ?