ডিমা হাছাও,3 মাৰ্চঃ ইষ্ট-ৱেষ্ট কৰিডৰৰ নিৰ্মাণ কাৰ্যৰ বাবে জাতিংগাৰ পৰা হাৰেংগাজাওলৈকে ক্ষতিগ্ৰস্ত গাঁৱৰ বাসিন্দাসকলক ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । অনতি পলমে জাতিংগাৰ পৰা হাৰেংগাজাওলৈকে আৰম্ভ কৰা হ’ব ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম ৷ মঙলবাৰে হাফলঙত জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত জিলা প্ৰশাসন আৰু ইণ্ডিজেনাচ ষ্টুডেণ্টছ ফ’ৰামৰ সভাপতি ডেভিড কেভমক আশ্বাস প্ৰদান কৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ।
উল্লেখ্য যে, চলিত বৰ্ষৰ 2 মাৰ্চৰ পৰা হাফলং-শিলচৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী হাতত লৈছিল ইণ্ডিজেনাচ ষ্টুডেণ্টছ ফ’ৰামে । বৰ্তমানে ৰাজ্যত নিৰ্বাচন আচৰণ বিধি বলৱৎ থকাৰ সময়ত প্ৰশাসনিক কাম-কাজত সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু এই ৰাষ্ট্ৰীয় ঘাইপথটো বৰাক উপত্যকাৰ লাইফ লাইন হিচাপে পৰিচিত । যাৰ বাবে জিলা উপায়ুক্ত পল বৰুৱাই জিলা প্ৰশাসন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগত ছাত্ৰ সংগঠনটোৰ এক বৈঠকৰ আয়োজন কৰে ।