ডিমা হাছাও, ২ ফেব্ৰুৱাৰী: সোমবাৰে নিশা হাফলং চহৰত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ডিমাছা ছাত্ৰ সন্থাই । বুছুডিমাৰ নিশা কাৰ্বি আংলং জিলাৰ ধনশিৰিৰ খাৰনাইডিচা গাঁৱত দুৰ্বৃত্তৰ গুলিত নিহত লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰে সংগঠনটোৰ কৰ্মকৰ্তাই । কাৰ্বি আংলং জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী এই গাঁওখনত উক্ত নিশা দুৰ্বৃত্তই ডিএইচডি উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্য অমিত নুনিচা আৰু এল্টা মাইবাংচা আৰু এগৰাকী মহিলাক হত্যা কৰিছিল ।
সোমবাৰে মমবাতি জ্বলাই এই লোকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ ডিমাচা ছাত্ৰ সন্থা, ডিমাচা মাদাৰ এছ'চিয়েছন, ডিমাচা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইচো হচমৰ লগতে বিভিন্ন দল সংগঠনে । ডিমাচা জনগোষ্ঠীৰ জাতীয় উৎসৱ বুছুডিমা চলি থকাৰ সময়ত দুৰ্বৃত্তই এনেদৰে গুলীচালনা কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে সংগঠনকেইটাই ।