অসম

assam

ETV Bharat / state

Drugs paddler arrested: ডিমা হাছাও জিলাত ড্ৰাগছসহ আঠ যুৱকক গ্ৰেপ্তাৰ - Assam police anti drugs mission

ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে ডিমা হাছাও জিলাত ড্ৰাগছসহ 8 জন যুৱকক গ্ৰেপ্তাৰ কৰে ডিমা হাছাও আৰক্ষীয়ে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়াৰ পিচতে প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোটি কোটি টকাৰ ড্ৰাগছ আৰু নিচা জাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷

drugs paddler arrested in dima hasao
ড্ৰাগছৰ কৱলত যুব প্ৰজন্ম

By

Published : Apr 5, 2023, 3:57 PM IST

হাফলং, 5 এপ্ৰিল :গোপন অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছ আৰু নিচা জাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে বহু লোকক সমান্তৰালকৈ গ্ৰেপ্তাৰ কৰিবলৈয়ো সক্ষম হৈছে (Assam police anti drugs mission) ৷ তাৰ পিচতো ৰাজ্যত ড্ৰাগছৰ বেহা অব্যাহত আছে । ড্ৰাগছ সৰবৰাহকাৰীয়ে ন ন কৌশলেৰে ড্ৰাগছৰ বেহা অব্যাহত ৰখাৰ চেষ্টা চলাই আছে । ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও এতিয়া ড্ৰাগছ সৰবৰাহৰ স্বৰ্গ ৰাজ্য হিচাবে পৰিগণিত হৈছে ।

ড্ৰাগছ আসক্ত যুৱ সমাজৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে যুদ্ধ । ডিমা হাছাও জিলাক ড্ৰাগছ মুক্ত কৰাৰ বাবে ডিমা হাছাও আৰক্ষীয়ে বিভিন্ন স্কুল আৰু কলেজত সজাগতা সৃষ্টি কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও পাহাৰীয়া জিলা খনত ড্ৰাগছৰ বেহা অব্যাহত আছে । যোৱা তিনি দিনত ডিমা হাছাও জিলাৰ বিভিন্ন স্থানৰ পৰা হেৰোইন সহ 8 জন যুৱকক গ্ৰেপ্তাৰ কৰে ডিমা হাছাও আৰক্ষীয়ে ।

যোৱা 2 এপ্ৰিলত আৰক্ষীয়ে হাৰেংগাজাৱৰ পৰা হেৰোইন সহ 5 গৰাকী যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে 3 এপ্ৰিলৰ নিশা হাফলঙৰ পৰা নিচাযুক্ত Proxyco Saps টেবলেট জব্দ কৰাৰ লগতে 2 জন যুৱকক গ্ৰেপ্তাৰ কৰে । কালি হাফলং মহাদেৱ টিলাত শিলচৰ হাফলংৰ মাজত চলাচল কৰা এ এছ 11 ডি চি 0781 নম্বৰৰ ক্ৰুইজাৰ বাহনৰ পৰা হেৰ’ইন জব্দ কৰাৰ লগতে এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা যুৱক কেইজন হৈছে আজেম ৰাংখল, দেৱজিৎ দাওলাগাপু, বিটটো থাংলিয়ান, জেম চাংছন, অভিজিত চক্ৰৱৰ্তী, যোচেফ লজেম, জেমস মাৰ আৰু লাংচোন চংলৈ ।

ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনলজ্যোতি দাসে জানিবলৈ দিয়ে ডিমা হাছাও জিলাক ড্ৰাগছ মুক্ত কৰাৰ বাবে আৰক্ষীৰ যুঁজ অব্যাহত আছে আৰু গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যোৱা তিনি দিন অভিযান চলাই 2 এপ্ৰিলত আৰক্ষীয়ে হাৰেংগাজাওৰ পৰা 42.71 গ্ৰাম হেৰোইন জব্দ কৰাৰ লগতে 5 গৰাকী যুৱকক গ্ৰেপ্তাৰ কৰে আৰু 3 এপ্ৰিলৰ নিশা হাফলংৰ পৰা 120 টা Proxyco Saps টেবলেটৰ লগতে দুজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰু বুধবাৰে হাফলংৰ মহাদেৱ টিলাত এখন বাহনৰ পৰা 51.63 গ্ৰাম হেৰোইন জব্দ কৰাৰ লগতে এজন যুৱকক গ্ৰেপ্তাৰ কৰে । ইতিমধ্যে এই 8 জন যুৱকক জেললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক অনলজ্যোতি দাসে (Drugs Paddler Arrested) ।

লগতে পঢ়ক :Pending Cases in Assam : অসমত অমীমাংসিত প্ৰায় ৫ লাখ গোচৰ

ABOUT THE AUTHOR

...view details