অসম

assam

By

Published : May 31, 2022, 12:44 PM IST

ETV Bharat / state

খোৱা পানীৰ অভাৱত ডিমা হাছাওত হাহাকাৰ

ৰুষ্ট প্ৰকৃতিয়ে ধ্বংসস্তুপত পৰিণত কৰা ডিমা হাছাওত এতিয়া খোৱাপানীৰ অভাৱত হাহাকাৰময় পৰিস্থিতি । ভূমিস্খলন আৰু বানৰ তাণ্ডৱত(Landslide and flood effects in Dima Hasao) জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বহু কোটিটকীয়া প্ৰকল্প সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰাৰ ফলত পানী যোগান বন্ধ হৈ পৰে(Water supply stopped at Dima Hasao) । যাৰ ফলত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে লোকসকল ।

drinking water crisis in dima hasao
খোৱা পানীৰ অভাৱত ডিমা হাছাওত হাহাকাৰ

ডিমা হাছাও, ৩১ মে': প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত ডিমা হাছাও জিলাত এতিয়া খোৱাপানীৰ বাবে হাহাকাৰ । প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰা ডিমা হাছাও জিলাত ভূমিস্খলন আৰু বানৰ তাণ্ডৱত(Landslide and flood effects in Dima Hasao) জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বহু প্ৰকল্প আৰু জলজীৱন মিছনৰ প্ৰকল্প বিধ্বস্ত হৈ পৰে । যাৰ বাবে এতিয়া সমগ্ৰ পাহাৰীয়া জিলাখনত দেখা দিছে খোৱাপানীৰ সমস্যা(Water supply stopped at Dima Hasao) ৷

হাফলং চহৰত যোগান ধৰিব পৰা নাই পানী

যোৱা ১৮ দিনৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগে হাফলং চহৰত যোগান ধৰিব পৰা নাই পানী । ভূমিস্খলন আৰু বানে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ডাঙৰ ডাঙৰ পাইপ লাইন উটুৱাই লৈ গৈছিল । সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছিল পানীৰ উৎসস্থলত থকা পাম্প হাউচ । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মীসকলে পানী যোগান ব্যৱস্থা সূচল কৰি তোলাৰ লক্ষ্যৰে কাম কৰি আছে যদিও আজিলৈকে হাফলঙত পানী যোগান ব্যৱস্থা সূচল কৰিব পৰা নাই ।

ডিমাহাছাওত এতিয়া খোৱাপানীৰ অভাৱত হাহাকাৰময় পৰিস্থিতি

ইতিমধ্যে মাইবং আৰু মাহুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান ব্যৱস্থা সূচল কৰি তুলিবলৈ সক্ষম হৈছে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সূত্ৰই জানিবলৈ দিয়ে পৰৱৰ্তী দুই-তিনিদিনৰ ভিতৰতে হাফলঙত পানী যোগান ব্যৱস্থা সূচল হৈ উঠাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:Former Tripura Minister came under attack : দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা প্ৰাক্তন মন্ত্ৰী ৰতন ভৌমিকৰ

ABOUT THE AUTHOR

...view details