হাফলং 15 ছেপ্টেম্বৰ:ডিমা হাছাও জিলাৰ মাইবঙত ডিমাছা নেচনেল লিবাৰেচন আৰ্মিৰ সদস্য আলি ডিমাছা ওৰফে বাবুজিৎ হাপিলাৰ গুলীয়াই হত্যা কৰা মাইবাং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাহিদুল জামানক গ্ৰেপ্তাৰৰ দাবী জনাইছে ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ চিএনচি নাইডিং ডিমাছা ওৰফে মুছৰাং ডিমাছাই।
বৃহস্পতিবাৰ নিশা মাইবঙত আৰক্ষীৰ গুলীত ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ সদস্য আলি ডিমাছা ওৰফে বাবুজিৎ হাপিলা নিহত হোৱাৰ উপৰি সংগঠনটোৰ দুই সদস্য ৰেইনবো ডিমাছা আৰু টানজন ডিমাছা আহত হয় ৷ এই ঘটনাক লৈ চৰকাৰৰ লগতে শান্তি চুক্তিত স্বাক্ষৰ কৰা ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ চেয়াৰমেন ইতিকা ডিফুচা আৰু চিইনচি মুছৰাং ডিমাছা ও বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি সকল হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় ৷ দলটোৱে জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস আৰু আৰক্ষী অধীক্ষক মায়ংক কুমাৰক সাক্ষাৎ কৰি এই ঘটনা সন্দৰ্ভত আলোচনা কৰে।
এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি এই ঘটনা সংঘটিত কৰা মাইবং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহিদুল জামানক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। জিলা আয়ুক্তক সাক্ষাৎ কৰি ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ চিইনচি মুছৰাং ডিমাছাই কয় যে, বৃহস্পতিবাৰ নিশা আৰক্ষীৰ গুলিত ডিএনএলএ সদস্য আলি ডিমাছা মৃত্যুত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ এগৰাকী নিৰ্দোষী সদস্য আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাব লগা হৈছে ৷ তেওঁলোকে এতিয়া চৰকাৰৰ লগতে অস্ত্ৰ বিৰতি চুক্তি স্বাক্ষৰ কৰি ডেজিগনেটেড কেম্পত আছে ৷ কিছু দিনৰ ভিতৰতে তেওঁলোকে অস্ত্ৰসমৰ্পণ কৰি সংগঠনটো ভাঙি দিয়াৰ কথা আছিল ৷ কিন্তু সেই সময়ত এই ঘটনা গৰিহণা যোগ্য ৷