অসম

assam

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 10:40 AM IST

ETV Bharat / state

Police firing in Dimahasao : আৰক্ষীৰ গুলীত নিহত DNLA উগ্ৰপন্থী সংগঠনৰ সদস্য

ডিমা হাছাও জিলাত আৰক্ষীৰ গুলীচালনা ৷ আৰক্ষীৰ গুলীত নিহত ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ এগৰাকী সদস্য আৰু আহত হৈছে আন তিনিজন ৷

Police firing in Dimahasao
ডিমা হাছাও জিলাত আৰক্ষীৰ গুলীচালনা

হাফলং, 15 ছেপ্টেম্বৰ :আকৌ গৰজিলে অসম আৰক্ষীৰ বন্দুকে ৷এইবাৰৰ স্থান ডিমা হাছাও ৷ বৃহস্পতিবাৰ নিশাডিমা হাছাও জিলাত আৰক্ষীৰ গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰা হৈছে ৷ শেহতীয়া তথ্য অনুসৰি, আৰক্ষীৰ গুলীত নিহত হৈছে ডিমাছা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ এগৰাকী সদস্য ৷

আনহাতে, এই গুলীচালনাত আহত হৈছে ডিমাছা নেচনেল লিবাৰেচন আৰ্মিৰ তিনিগৰাকী সদস্য । তথ্য অনুসৰি, এই ঘটনাটো সংগঠিত হয় বৃহস্পতিবাৰ নিশা প্ৰায় 1 বজাত মাইবাং খাসমাইপুৰ এলেকাত । চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত কৰি ডেজিগনেটেড কেম্পত থকা ডিমাছা নেচনেল লিবাৰেচন আৰ্মিৰ সদস্যক কিয় আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই একো তথ্য ।

জানিব পৰা মতে, আৰক্ষীৰ গুলীত নিহত হোৱা ডিমাছা নেচনেল লিবাৰেচন আৰ্মি উগ্ৰপন্থী সংগঠনৰ সদস্যজনৰ নাম আলি ডিমাছা ওৰফে বাবুজিত লংমাইলাই । ইপিনে আৰক্ষীৰ গুলীত আহত তিনি ডিমাছা নেচনেল লিবাৰেচন আৰ্মিৰ সদস্য হৈছে ক্ৰমে ৰেইনবো ডিমাছা, টিনজন ডিমাছা আৰু ছট ডিমাছা ।

আৰক্ষীৰ গুলীত নিহত ডিএনএলএ সদস্য আলি ডিমাছাৰ মৃতদেহ বৰ্তমানেও ৰখা হৈছে হাফলং অসামৰিক চিকিৎসালয়তে । ইপিনে চৰকাৰৰ লগতে শান্তি চুক্তি স্বাক্ষৰিত কৰি ডেজিগনেটেড কেম্পত থকা ডিমাছা নেচনেল লিবাৰেচন আৰ্মি উগ্ৰপন্থী সংগঠনৰ সদস্যৰ ওপৰত আৰক্ষীয়ে গুলী চলোৱাৰ ঘটনাতক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ আনকি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি উচিত তদন্ত বিচাৰিছে প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰে ।

লগতে পঢ়ক :Nude photo controversy: দেৱ বাদ্যৰ আঁৰত নগ্ন দেহৰ ছবি; সংগীত শিল্পী অৰূপজ্যোতি বৰুৱাৰ বিৰুদ্ধে গোচৰ

ABOUT THE AUTHOR

...view details