অসম

assam

ডি এন এল এ দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ

By

Published : Sep 18, 2019, 11:31 AM IST

ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মিৰ দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ ৷ বৰ্তমানেও কাছাৰ জিলাত সক্ৰিয় প্ৰায় 100 জন ডি এন এল এৰ সদস্য ৷

ডি এন এল এ দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ

ডিমা হাছাও,18 চেপ্টেম্বৰঃ ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মি অৰ্থাৎ ডি এন এল এ দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ ৷ মঙলবাৰে সন্ধিয়া কাছাৰ জিলাৰ বিহাৰৰ পৰা আহি হাৰেংগাজাও আৰক্ষী থানাত আত্মসমৰ্পণ কৰে কেডাৰ জনে ৷ কেডাৰ জনৰ নাম বাবু হোজাই বুলি জানিব পৰা গৈছে ৷ আত্মসমৰ্পণ কৰিয়ে বাবু হোজাইয়ে কয় যে, চাকৰি নোপোৱাৰ বাবেই হতাশ হৈ ডি এন এল এৰ দৰে উগ্ৰবাদী সংগঠনত যোগদান কৰিবলৈ তেওঁ বাধ্য হয় ৷ লগতে বৰ্তমানেও কাছাৰ জিলাত প্ৰায় 100 জন ডি এন এল এৰ সদস্য সক্ৰিয় হৈ আছে বুলি জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি জিলা খনৰ বিভিন্ন ঠাইত সংগঠনটোৱে নতুন সদস্য ভৰ্তি অভিযানো অব্যাহত ৰাখিছে ৷

ডি এন এল এ দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details