ডিমা হাছাও, 23 মাৰ্চ :ডিমা হাছাওত লক ডাউন ঘোষণা জিলা প্ৰশাসনৰ । কৰ'ণা ভাইৰাছৰ দ্বাৰা হোৱা কোভিড-19 প্ৰতিৰোধৰ বাবে সতৰ্কতামুলক ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ লগতে ডিমা হাছাও জিলাত 24 মাৰ্চৰ পৰা 28 মাৰ্চলৈ পাঁচ দিনৰ বাবে লক ডাউন ঘোষণা কৰে ।
ডিমা হাচাওত জৰুৰীকালীন লক ডাউন ঘোষণা - CORONA VIRUS
কৰ'ণা ভাইৰাছক সৈ সজাগতাৰে ডিমা হাচাও জিলাত লক ডাউন ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷
ডিমা হাচাওত জৰুৰীকালীন লক ডাউন ঘোষণা
অহা কালিৰ পৰা সকলো চৰকাৰী প্ৰতিষ্ঠান পাঁচ দিনৰ কাৰণে বন্ধ ঘোষণা কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদ কৰ্তৃপক্ষই । অৱশ্য এই পাঁচ দিনৰ লক ডাউনত জিলাখনত জৰুৰীকালীন সেৱাসমূহ উপলব্ধ থাকিব । চৰকাৰী কৰ্মীসকলে ঘৰৰ পৰা চৰকাৰী কাম কাজ চলাব লাগিব বুলি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ প্ৰধান সচিবে নিৰ্দেশনা জাৰী কৰিছে ।