অসম

assam

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 2:17 PM IST

ETV Bharat / state

Dimasa Sahitya Sabha silver jubilee: মাইবঙত তিনিদিনীয়া কাৰ্যসূচীৰে ডিমাছা সাহিত্য সভাৰ ৰূপালী জয়ন্তী আৰু বাৰ্ষিক সাধাৰণ সভা

মাইবঙত অহা 3 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈকে ডিমাছা সাহিত্য সভাৰ ৰূপালী জয়ন্তী আৰু বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা হ’ব ৷ এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা।

মাইবঙত তিনিদিনীয়া কাৰ্যসূচীৰে ডিমাছা সাহিত্য সভাৰ ৰূপালী জয়ন্তী আৰু বাৰ্ষিক সাধাৰণ সভা
মাইবঙত তিনিদিনীয়া কাৰ্যসূচীৰে ডিমাছা সাহিত্য সভাৰ ৰূপালী জয়ন্তী আৰু বাৰ্ষিক সাধাৰণ সভা

মাইবঙত তিনিদিনীয়া কাৰ্যসূচীৰে ডিমাছা সাহিত্য সভাৰ ৰূপালী জয়ন্তী আৰু বাৰ্ষিক সাধাৰণ সভা

হাফলং, 20 অক্টোবৰ: অহা 3 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈকে অসমৰ অন্যতম পাহৰীয়া জিলা ডিমা হাছাও জিলাৰ মহকুমা সদৰ মাইবঙত অনুষ্ঠিত হ’ব ডিমাছা সাহিত্য সভাৰ ৰূপালী জয়ন্তী আৰু বাৰ্ষিক সাধাৰণ সভা । মাইবং উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে আয়োজন কৰা হ’ব এই বাৰ্ষিক সাধাৰণ সভা ৷

এই সন্দৰ্ভত বৃহস্পতিবাৰে বিয়লি ডিমাছা সাহিত্য সভাৰ হাফলঙৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে ৷ তেওঁ উল্লেখ কৰে যে, 1999 চনত ডিমাছা সাহিত্য সভাৰ প্ৰতিষ্ঠা হয় । ইয়াৰ পিচৰে পৰা যোৱা 25 বছৰ ডিমাছা সাহিত্য সভাই বহু কাম কৰিছে। হাইস্কুল পৰ্যায়ত অষ্টম শ্ৰেণী লৈকে ডিমাছা ভাষাৰ পাঠ্যপুথি প্ৰকাশ কৰা হৈছে। ডিমা হাছাও জিলাত অষ্টম শ্ৰেণী লৈকে এতিয়া ডিমাছা ভাষাত শিক্ষা গ্ৰহণ কৰাৰ সুযোগ পাইছে ছাত্ৰ-ছাত্ৰীসকলে।

লগতে তেওঁ কয় যে, চৰকাৰৰ অনুমোদন অহাৰ পিচতে ডিমা হাছাও জিলাৰ বিদ্যালয়সমূহত এই পাঠ্যপুথিৰ পাঠদান আৰম্ভ হ’ব । ইয়াৰ জৰিয়তে ডিমাছা ভাষা আৰু সংস্কৃতিক সংৰক্ষণ কৰাৰ বাবে ডিমাছা সাহিত্য সভাই কাম কৰি গৈছে ৷ অহা 3 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈকে ডিমাছা সাহিত্য সভাৰ ৰূপালী জয়ন্তী উদযাপন কৰাৰ উপৰি ডিমাছা সাহিত্য সভাৰ বাৰ্ষিক সাধাৰণ সভাত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ।

এই ৰূপালী জয়ন্তীৰ তৃতীয় দিনটোত 5 নৱেম্বৰত অনুষ্ঠিত হ’ব ডিমাছা সাহিত্য সভাৰ ৰাজহুৱা সভা । এই ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা । সন্মানিত অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু কাৰ্বি-আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং।

ডিমাছা সাহিত্য সভাৰ ৰূপালী জয়ন্তী উদযাপন উপলক্ষে অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, জেমি সাহিত্য সভা, কুকি সাহিত্য সভা, মাৰ সাহিত্য সভা, কাৰ্বি লামেট আমেই মিচিং সাহিত্য সভা, ৰাভা সাহিত্য সভা, তিৱা সাহিত্য সভা,খাচী সাহিত্য সভা, ৰাংখল সাহিত্য সভা, বংগ সাহিত্য সন্মিলন আৰু নেপালী সাহিত্য সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদকসকলক আমন্ত্ৰণ জনোৱা হৈছে ৷

লগতে পঢ়ক:Charged against assault and rioting : অধিবক্তাৰ গাত হাত তোলা লাটমণ্ডলৰ বিৰুদ্ধে কিয় নীৰৱ বঙাইগাঁও প্ৰশাসন ?

ABOUT THE AUTHOR

...view details