অসম

assam

সম্প্ৰদায়ৰ ভিত্তিত ডিমা হাছাও বিভক্তিকৰণ মানি নলয় ডিমাচা সংগঠনে

By

Published : Apr 22, 2022, 9:26 PM IST

সাম্প্ৰদায়িক দৃষ্টিকোণৰ পৰা ডিমা হাছাও জিলাৰ বিভক্তিকৰণত বাধা ডিমাচা সংগঠনসমূহৰ (Dimasa organization opposes bifurcation of Dima Hasao district) ৷ সাম্প্ৰদায়িক দৃষ্টিকোণৰ পৰা ডিমা হাছাও জিলা বিভক্তিকৰণৰ বিষয়টোৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায় ডিমাচা জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে ৷

Bifurcation of Dima Hasao District
সম্প্ৰদায়ৰ ভিত্তিত ডিমা হাছাও বিভক্তিকৰণ মানি নলয় ডিমাচা সংগঠনে

ডিমা হাছাও, 22 এপ্ৰিল: সাম্প্ৰদায়িক দৃষ্টিকোণৰ পৰা ডিমা হাছাও জিলাৰ বিভক্তিকৰণ কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে ডিমাচা সংগঠনসমূহে (Dimasa organization opposes bifurcation of Dima Hasao district) । বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি ডিমাচা সংগঠনসমূহে কয় যে, তথাকথিত ইণ্ডিজিনাচ সংগঠনৰ(Indigenous People Forum) এই দাবীৰ তীব্ৰ বিৰোধিতা আগতেও হৈছে আৰু অনাগত দিনতো হ’ব । ডিমা হাছাও জিলাৰ 85 শতাংশ লোক ইণ্ডিজিনাচ সংগঠনৰ জিলা বিভক্তিকৰণৰ সমৰ্থনত নাই ।

ডিমাচা সংগঠনৰ প্ৰতিনিধিসকলে সংবাদমেলত কয়, ইণ্ডিজিনাচ শব্দৰ অভিধানিক অৰ্থ কি সেয়া জানি লোৱা উচিত তথাকথিত ইণ্ডিজিনাচ সংগঠনসমূহে । লগতে এই সংগঠনসমূহে ডিমা হাছাও জিলাৰ বুৰঞ্জী অধ্যয়নৰ প্ৰয়োজন আছে বুলিও মন্তব্য কৰে । সাম্প্ৰদায়িক দৃষ্টিকোণৰ পৰা ডিমা হাছাও জিলা বিভক্তিকৰণৰ বিষয়টোৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায় ডিমাচা জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে ৷

সম্প্ৰদায়ৰ ভিত্তিত ডিমা হাছাও বিভক্তিকৰণ মানি নলয় ডিমাচা সংগঠনে

জিলা বিভক্তিকৰণৰ ইছ্যু লৈ যোৱা বৃহস্পতিবাৰ যেতিয়া গুৱাহাটীৰ খানাপাৰস্থিত এডমিনিষ্টেটিভ ষ্টাফ কলেজত (Assam Administrative staff college) ইণ্ডিজিনাচ সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠক অনুষ্ঠিত হয় আৰু ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ডিমাচা সংগঠনসমূহৰ মাজত ।

ডিমাচা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইছ হচমৰ হাফলংস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত সদৌ ডিমাচা ছাত্ৰ সংস্থা আৰু ডিমা জ্বলাই হচম নামৰ সংগঠন দুটাই যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰি সাম্প্ৰদায়িক দৃষ্টিকোণৰ পৰা ডিমা হাছাও জিলাৰ বিভক্তিকৰণৰ (Bifurcation of Dima Hasao district) তীব্ৰ বিৰোধিতা কৰে ।

এই সংবাদমেলত উপস্থিত থাকে কুমুদ কেম্প্ৰাই, ৰণজুলাল হাকমকচা, প্ৰমিত চেংয়ুং আৰু উত্তম লাংথাচা । উল্লেখযোগ্য যে, ইণ্ডিজিনাচ পিপুল ফৰাম ইণ্ডিজিনাচ ষ্টুডেন্টস ফৰাম আৰু ইণ্ডিজিনাচ ওমেন ফৰামে দীৰ্ঘদিনৰ পৰা ডিমা হাছাও জিলা বিভক্তিকৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ ৰাজ্য চৰকাৰে এই দাবীৰ সন্দৰ্ভত আলোচনাৰ বাবে এখন সমিতি গঠন কৰি দিয়ে ৷

লগতে পঢ়ক:কোকৰাঝাৰত নিৰ্মীয়মান কৰ্কট চিকিৎসা প্ৰতিষ্ঠান পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ABOUT THE AUTHOR

...view details