অসম

assam

ETV Bharat / state

DNLA surrender news: শনিবাৰে মুখ্যমন্ত্ৰীৰ সমুখত DNLA ৰ আত্মসমৰ্পন - Dimasa National Liberation Army news

অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণৰ বাবে সাজু হৈছে ডিমা হাছাও জিলাৰ বিদ্ৰোহী সংগঠন ডিএনএলএ ৷ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শনিবাৰে আত্মসমৰ্পণ কৰিব সংগঠনটোৰ প্ৰায় 300 কেডাৰে ৷

DNLA surrender news
Dimasa National Liberation Army

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 9:14 PM IST

হাফলং 27 অক্টোবৰ: ডিমাছা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনে শনিবাৰে হাফলংত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰি জাতীয় জীৱনৰ মূলসুঁতিলৈ ঘূৰি আহিব । দীৰ্ঘদিনৰে পৰা চৰকাৰৰ লগত যুদ্ধবিৰতি ঘোষণা কৰি ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ সদস্যসকলে ডিমা হাছাও জিলাৰ মাইবাং হাৰেংগাজাও আৰু কাৰ্বি-আংলং জিলাৰ ধনশিৰি ডেজিগনেটেড কেম্পত আছে ।

শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হাফলং জিলা সংস্থাৰ খেলপথাৰত ডিমাছা নেচনেল লিবাৰেচন আৰ্মিৰ 300 গৰাকী সদস্যই আনুষ্ঠানিকভাৱে অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰিব । উগ্ৰপন্থী সংগঠনটোৰ সদস্যসকলে মুখ্যমন্ত্ৰীৰ হাতত তুলি দিব তেওঁলোকৰ ওচৰত থকা অস্ত্ৰ-শস্ত্ৰ সমূহ । ইয়াৰ পিচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থী সংগঠনৰ সদস্যসকলক এককালীন বিত্তীয় সাহায্য প্ৰদান কৰিব ।

ইফালে ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ আত্মসমৰ্পণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও উপস্থিত থাকিব ৰাজ্যৰ শক্তি তথা ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা, অসম আৰক্ষীৰ বিশেষ শাখাৰ এডিজিপি হীৰেন চন্দ্ৰ নাথ, ৰাজ্য চৰকাৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড৹ ৰবি কোটা, ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস আৰু আৰক্ষী অধীক্ষক ময়ংক কুমাৰ ।

উল্লেখ্য যে, যোৱা 27 এপ্ৰিলত নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ডিএনএলএ সংগঠনটোৱে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল ৷ সেই চুক্তি স্বাক্ষৰৰ পিচতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে অসমত জনজাতীয় বিদ্ৰোহৰ অন্ত পৰিছে ৷ একে কথাকে দোঁহাৰিছিল অসমৰ মুখ্যমন্ত্ৰীয়েও ৷ ডিমাছা জনজাতিৰ বাবে সাৰ্বভৌম ভূখণ্ড বিচাৰি ২০১৯ চনৰ এপ্ৰিল মাহত ডিএনএলএ নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰা হৈছিল ৷

লগতে পঢ়ক:ULFA Govt peace talk: শান্তি চুক্তি স্বাক্ষৰৰ পিচতে আনুষ্ঠানিকভাৱে ভংগ হ’ব আলফা

ABOUT THE AUTHOR

...view details