অসম

assam

ETV Bharat / state

হাফলঙত চৰকাৰী আঁচনিৰ পোষ্টাৰ-হ'ৰ্ডিং আঁতৰালে প্ৰশাসনে - পোষ্টাৰ-হ'ৰ্ডিং আঁতৰালে

নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পাচতে হাফলঙত চৰকাৰী আঁচনিৰ পোষ্টাৰ-হ'ৰ্ডিং আঁতৰালে প্ৰশাসনে । ৰাজ্যত অহা ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত তিনিটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ।

হাফলঙত চৰকাৰী আঁচনিৰ পোষ্টাৰ-হ'ৰ্ডিং আঁতৰালে নিৰ্বাচনী আয়োগৰ কৰ্মীয়ে
হাফলঙত চৰকাৰী আঁচনিৰ পোষ্টাৰ-হ'ৰ্ডিং আঁতৰালে নিৰ্বাচনী আয়োগৰ কৰ্মীয়ে

By

Published : Feb 27, 2021, 4:42 PM IST

ডিমা হাছাও, ২৭ ফেব্ৰুৱাৰী: শুকুৰবাৰে বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাচতে সক্ৰিয় হৈ পৰিছে প্ৰশাসন । ৰাজ্যৰ জিলাই জিলাই ৰাজনৈতিক দলৰ প্ৰচাৰৰ বাবে লগোৱা পোষ্টাৰসমূহ নিৰ্বাচনী আচৰণ বিধি মানি নিৰ্বাচনী আয়োগৰ নিৰ্দেশমৰ্মে আঁতৰ কৰা হৈছে ।

হাফলঙত চৰকাৰী আঁচনিৰ পোষ্টাৰ-হ'ৰ্ডিং আঁতৰালে নিৰ্বাচনী আয়োগৰ কৰ্মীয়ে

ডিমা হাছাও জিলাতো অনুৰূপ দৃশ্য পৰিলক্ষিত হৈছে । শুকুৰবাৰে বিয়লিৰ পৰাই হাফলং চহৰতো চৰকাৰী বিভিন্ন আঁচনিৰ লগতে ৰাজনৈতিক দলৰ পোষ্টাৰ-হ'ৰ্ডিং আঁতৰাই পেলায় প্ৰশাসনে ।

হাফলঙত চৰকাৰী আঁচনিৰ পোষ্টাৰ-হ'ৰ্ডিং আঁতৰালে নিৰ্বাচনী আয়োগৰ কৰ্মীয়ে

উল্লেখ্য যে, অসমত তিনিটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । প্ৰথম পৰ্যায়ত ২৭ মাৰ্চত, দ্বিতীয় পৰ্যায়ত ১ এপ্ৰিলত আৰু তৃতীয় পৰ্যায়ত ৬ এপ্ৰিলত ৰাজ্যৰ ১২৬ খন সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব । অহা ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ১৬ নং হাফলং উপজাতি সংৰক্ষিত সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব । সেয়ে নিৰ্বাচন বিষয়ক কাম-কাজ সুচাৰুৰূপে কৰিবলৈ তৎপৰ হৈছে প্ৰশাসন ।

লগতে পঢ়ক:নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰমত ভকত মিলন অনুষ্ঠান

ABOUT THE AUTHOR

...view details