অসম

assam

ETV Bharat / state

বড়ো জনগোষ্ঠীক এচ টি হিলচ হিচাপে কোনো চৰ্ততে মানি নলয় ডিমা হাছাও আৰু কাৰ্বি-আংলঙৰ ৰাইজে : নিৰ্মল লাংথাচা - বড়ো জনগোষ্ঠীক এচ টি হিলচ-ৰ মৰ্যাদা দিয়াৰ চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা ডিমা হাছাও আৰু কাৰ্বি-আংলংৰ

বড়ো জনগোষ্ঠীক এচ টি হিলচ-ৰ মৰ্যাদা দিয়াৰ চৰকাৰী সিদ্ধান্তৰ সংবাদমেল পাতি তীব্ৰ বিৰোধিতা কৰে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচাই ৷

Dimahasao district Congress against the govt's decision to gave Bodo ST Hills Status
বড়ো জনগোষ্ঠীক এচ টি হিলচ হিচাপে কোনো চৰ্ততে মানি নলয় ডিমা হাছাও আৰু কাৰ্বি-আংলঙৰ ৰাইজে

By

Published : Jan 31, 2020, 11:53 PM IST

ডিমা হাছাও, 31 জানুৱাৰী: বড়ো জনগোষ্ঠীক এচ টি হিলচ-ৰ মৰ্যাদা দিয়াৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা ডিমা হাছাও জিলা কংগ্ৰেছৰ । শুকুৰবাৰে হাফলং ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি ডিমা হাছাও জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাংথাচাই কয়, যোৱা 27 জানুৱাৰী নতুন দিল্লীত এনডিএফবি আৰু এবছুৰ লগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা শান্তি চুক্তিত বড়ো জনগোষ্ঠীক এচ টি হিলচ-ৰ মৰ্যাদা দিয়া সিদ্ধান্ত কোনো কাৰণতে গ্ৰহণযোগ্য নহয় । সংবাদ মেলত নিৰ্মল লাংথাচাই কয় বড়ো জনগোষ্ঠীক এচ টি হিলচ হিচাপে কোনো চৰ্ততে মানি নলয় ডিমা হাছাও আৰু কাৰ্বি-আংলঙৰ ৰাইজে ।

বড়ো জনগোষ্ঠীক এচ টি হিলচ হিচাপে কোনো চৰ্ততে মানি নলয় ডিমা হাছাও আৰু কাৰ্বি-আংলঙৰ ৰাইজে

লাংথাচায় কয় যে বড়ো জনগোষ্ঠীক এচ টি হিলচ-ৰ মৰ্যাদা দিয়াৰ বাবে বৰ্তমান অসমৰ দুখন পাহাৰীয়া জিলা ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাৰ পিছপৰা উপজাতি জনগোষ্ঠীৰ মানুহে বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হ'ব । কিয়নো বড়ো জনগোষ্ঠী ডিমাচা জনগোষ্ঠীতকৈ শিক্ষাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত যথেষ্ট আগবঢ়া । অসমৰ দুখন পাহাৰীয়া জিলাৰ উপজাতি জনগোষ্ঠীয়ে শিক্ষা, চাকৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত 5 শতাংশ সংৰক্ষণ লাভ কৰে । বৰ্তমান বড়ো জনগোষ্ঠীয়ে এচ টি হিলচ ৰ মৰ্যাদা লাভ কৰাৰ পাছত অসমৰ দুখন পাহাৰীয়া জিলাৰ নৱ প্ৰজন্মৰ ল'ৰা ছোৱালী শিক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত সা-সুবিধাৰ পৰা বঞ্চিত হ'ব । সেয়হে কংগ্ৰেছ দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে বড়ো শান্তি চুক্তিত বড়ো জনগোষ্ঠীক এচ টি হিলচ-ৰ মৰ্যাদা বিষয় খন পুনৰ বিবেচনা কৰাৰ দাবী জনায় ডিমা হাছাও জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাংথাচাই ।

লগতে পঢ়ক:প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰী উপস্থিত হোৱা দিনটোত বন্ধ থাকিব বিটিআৰ : অবড়ো সুৰক্ষা সমিতি

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details