ডিমা হাছাও, 30 এপ্ৰিল :ডিমা হাছাও জিলাত কৰ'ণা আক্ৰান্তৰ সংখ্যা 100 পাৰ হোৱাৰ পাচতেই শুকুৰবাৰৰ পৰা ডিমা হাছাও জিলাত নাৰ্ছাৰীৰ পৰা আৰম্ভ কৰি অষ্টম শ্ৰেণীলৈ চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ । উল্লেখ্যে যে, ডিমা হাছাওত ভয়ংকৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । শুকুৰবাৰে ডিমা হাছাও জিলাত 30 গৰাকীকৈ ব্যক্তি নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে । ইপিনে, ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 143 গৰাকী লৈ বৃদ্ধি হৈছে ।
ডিমা হাছাওত বিদ্যালয় বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ
কৰ'ণা আক্ৰান্তৰ সংখ্যাই শতক পাৰ কৰিলে ডিমা হাছাও জিলাত ৷ সেই মৰ্মে নাৰ্ছাৰীৰ পৰা আৰম্ভ কৰি অষ্টম শ্ৰেণী পৰ্যন্ত বিদ্যালয়ৰ পাঠদান বন্ধৰ নিৰ্দেশ জাৰী কৰিছে জিলা প্ৰশাসনে ৷
ডিমা হাছাওত বিদ্যালয় বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ
উল্লেখযোগ্য যে, ডিমা হাছাও জিলাত কৰ'ণা আক্ৰান্ত 143 গৰাকী ৰোগীৰ ভিতৰত ইতিমধ্যে 23 গৰাকী ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে হাফলং অসামৰিক চিকিৎসালয়ত 26 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷ ইয়াৰ লগতে 94 গৰাকী ৰোগী বৰ্তমান হোম আইচলেচনত থকা বুলি জানিবলৈ দিছে জিলা স্বাস্থ্য বিভাগে ৷