হাফলং, আগষ্ট 06 : জম্মু কাশ্মীৰ পুনৰ গঠন বিধেয়ক 2019 আৰু অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পাচত এতিয়া অসমত উঠিছে ৰাজ্য বিভাজনৰ জোৱাৰ ৷ জম্মু-কাশ্মীৰ আৰু লাডাখ পৃথক পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ পাচত এতিয়া অসমতো এক বিভাজনৰ উকমুকনি পৰিলক্ষিত হৈছে ৷ সংবিধানৰ 244(ক) অনুচ্ছেদ অনুসৰি ডিমা হাছাও আৰু কাৰ্বি আংলঙ জিলাক সামৰি পৃথক স্বায়ত্ব শাসিত ৰাজ্যৰ দাবী তুলিছে ডিমা হাছাও জিলা কংগ্ৰেছে ৷
স্বায়ত্ব শাসিত ৰাজ্যৰ দাবী : বিভাজিত হ'ব নেকি অসম ! - স্বায়ত্ব শাসন
হাফলঙৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচা আৰু উপসভাপতি দেপোলাল হোজাইয়ে কয় যে, জম্মু কাশ্মীৰ পুনৰ গঠন আৰু লাডাখক কেন্দ্ৰীয় শাসিত প্ৰদেশ কৰাৰ সিদ্ধান্তৰ পাচত এতিয়া কেন্দ্ৰীয় চৰকাৰে 244(ক) অনুচ্ছেদ অনুসৰি ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাক লৈ পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ বিষয়টোক গুৰুত্ব দি সফল ৰূপায়ন কৰিব লাগে ।
মঙলবাৰে হাফলঙৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচা আৰু উপসভাপতি দেপোলাল হোজাইয়ে কয় যে, জম্মু কাশ্মীৰ পুনৰ গঠন আৰু লাডাখক কেন্দ্ৰীয় শাসিত প্ৰদেশ কৰাৰ সিদ্ধান্তৰ পাচত এতিয়া কেন্দ্ৰীয় চৰকাৰে 244(ক) অনুচ্ছেদ অনুসৰি ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাক লৈ পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ বিষয়টোক গুৰুত্ব দি সফল ৰূপায়ন কৰিব লাগে । এই ক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ পূৰ্ণ হস্তক্ষেপ বিচাৰিছে দেপোলাল হোজাইয়ে ৷ ইয়াৰ লগতে তেওঁ কয় যে, পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ বাবে ডিমা হাছাও আৰু কাৰ্বি-আংলংত সীমা নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন নাই । কিয়নো ইতিমধ্যে 1971 চনতে সীমা নিৰ্ধাৰণ কৰি থোৱা হৈছে জিলা দুখনৰ । তদুপৰি স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ বাবে ডিমা হাছাও জিলাৰ বিভিন্ন দল সংগঠন স্বেচ্ছাসেৱী সংগঠন আৰু ৰাইজৰ সমৰ্থন থকা বুলিও উল্লেখ কৰে নেতা গৰাকীয়ে ৷ তাৎপৰ্যপূৰ্ণভাৱে কাশ্মীৰ পুনৰ গঠনৰ সিদ্ধান্তই এতিয়া অসমতো বিভাজনকামীতাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷