অসম

assam

ETV Bharat / state

হাফলঙত ডিমাচা সাহিত্য সভাৰ ৩ খন গ্ৰন্থ উন্মোচন - ডিমাচা লাইৰিডি

হাফলঙত শনিবাৰে অনুষ্ঠিত হয় ডিমাচা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সভা। ডিমাচা লাইৰিডি মেল তথা ডিমাচা সাহিত্য সভাৰ ৩ খন গ্ৰন্থ উন্মোচন। শনিবাৰে উন্মোচন কৰা গ্ৰন্থকেইখন হ'ল খুৰাগাই খৰিমিন ভলিউম ১, খাবৈহ খৰিমিন আৰু খুৰাং জাৰ্ণেল।

হাফলঙত গ্ৰন্থ উন্মোচনী অনুষ্ঠান
হাফলঙত গ্ৰন্থ উন্মোচনী অনুষ্ঠান

By

Published : Nov 21, 2020, 6:42 PM IST

ডিমা হাছাও, 21 নৱেম্বৰ: শনিবাৰে হাফলঙৰ টাউন ৰাজি কমিউনিটি হলত অনুষ্ঠিত ডিমাচা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সভাত উন্মোচন কৰা হয় ৩ খন গ্ৰন্থ। ডিমাচা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিনেন্দ্ৰ থাওচেনৰ পৌৰহিত্যত ডিমাচা ভাষাত ৰচিত গল্প আৰু কবিতাৰ সংকলনেৰে সমৃদ্ধ এই গ্ৰন্থকেইখন উন্মোচন কৰা হয় । গ্ৰন্থকেইখন হৈছে খুৰাগাই খৰিমিন ভলিউম ১, খাবৈহ খৰিমিন আৰু খুৰাং জাৰ্ণেল ।

হাফলঙত গ্ৰন্থ উন্মোচনী অনুষ্ঠান

এই সভাত উপস্থিত থাকে ডিমাচা সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি নজেন্দ্ৰ নুনিচাৰ লগতে ডিমাচা সাহিত্য সভাৰ ডিমা হাছাও জিলা কমিটীৰ সভাপতি কালীজয় চেংয়ুং কুমুদ ৰঞ্জন কেম্প্ৰাই, সদস্য সূৰ্য থাওচেন আৰু প্ৰাক্তন বিধায়ক আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যনিৰ্বাহী সদস্য সমৰজিৎ হাফলংবাৰ। পাঠকৰ সুবিধাৰ্থে ডিমাচা ভাষাত ৰচিত প্ৰায়বোৰ গল্প আৰু কবিতা এই তিনিখন গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে।

লগতে পঢ়ক:পাঁচ দিনে সন্ধানহীন কলগাছিয়াৰ যুৱক

ABOUT THE AUTHOR

...view details