নিউড ডেস্ক,২৯ আগষ্ট: ডিমা হাছাও জিলাৰ উমৰাংচোত পুনৰ সক্ৰিয় হৈ উঠিছে ডিমাচা নেচনেল লিবাৰেচন আৰ্মী । বিভিন্ন ব্যক্তিগত উদ্যোগ তথা প্ৰতিষ্ঠান আৰু ব্যৱসায়ীক ধন দাবী কৰি আহিছে এই সংগঠনটোৱে । শেহতীয়াকৈ ডালমিয়া চিমেণ্ট কোম্পানীৰ পৰা ৯ কোটি টকা দাবী কৰিছে ডিমাচা নেচনেল লিবাৰেচন আৰ্মীয়ে ।
উমৰাংচোত ডালমিয়া চিমেণ্ট আৰু টাটা প্ৰজেক্টৰ পৰিচালকৰ পৰা ধন দাবী DNLAৰ
ডিমা হাছাও জিলাৰ উমৰাংচোত ধন দাবীৰে ব্যক্তিগত কোম্পানী সমূহক আতংকিত কৰিছে ডিমাচা নেচনেল লিবাৰেচন আৰ্মীয়ে । ডালমিয়া চিমেণ্ট কোম্পানীৰ পৰা ৯ কোটি টকা আৰু টাটা প্ৰজেক্টৰ পৰিচালকৰ পৰা ৩০ লাখ টকা দাবী কৰিছে সংগঠনটোৱে ।
উমৰাংচোত ডালমিয়া চিমেণ্ট আৰু টাটা প্ৰজেক্টৰ পৰিচালকৰ পৰা ধন দাবী DNLAৰ
আনহাতে উমৰাংচোস্থিত টাটা প্ৰজেক্টৰ পৰিচালকৰ পৰাও ৩০ লাখ টকা দাবী কৰিছে সংগঠনটোৱে । ধন দাবী কৰাৰ পিছতে আতংকিত হৈ পৰিছে প্ৰতিষ্ঠান দুটাত কৰ্মৰত কৰ্মচাৰীসকল । ঘটনা সন্দৰ্ভত উমৰাংচো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে প্ৰতিষ্ঠান দুটাই । আৰক্ষীয়ে সম্প্ৰতি অনুসন্ধান অব্যাহত ৰাখিছে । আনহাতে দীৰ্ঘদিন ধৰি শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰা উমৰাংচোত পুনৰ ডিমাচা নেচনেল লিবাৰেচন আৰ্মীৰ সদস্যই ধন দাবী কৰাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।