ডিমাহাছাও, 25 জুলাইঃ কেন্দ্ৰীয় চৰকাৰে ডিমা-হাছাও আৰু কাৰ্বি-আংলং জিলাক পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবী বাতিল কৰাৰ বাবে বৃহস্পতিবাৰে 12 ঘন্টীয়া বন্ধৰ ঘোষণা কৰে বহু কেইটা দল-সংগঠনে ৷ 12 ঘন্টীয়া বন্ধৰ ফলত জিলা দুখনৰ জনজীৱন সম্পূৰ্ণ স্তব্ধ হৈ পৰে ৷ ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙৰ লগতে মাইবং, মাহুৰ,উমৰাংচু, হাৰেংগাজাও প্ৰভৃতি এলেকাৰ বজাৰ, দোকান-পোহাৰৰ লগতে চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান সমূহো বন্ধ হৈ পৰে ৷
পুনৰ পৃথক ৰাজ্যৰ দাবীঃ স্তব্ধ পাহাৰীয়া জিলাৰ জনজীৱন
ডিমা-হাছাও জিলাৰ সদৰ চহৰ হাফলঙৰ লগতে মাইবং , মাহুৰ,উমৰাংচু, হাৰেংগাজাও প্ৰভৃতি এলেকাৰ বজাৰ, দোকান-পোহৰৰ লগতে চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান সমূহো বন্ধ হৈ পৰে ৷
১২ ঘণ্টাৰ বন্ধ
উল্লেখ্য যে, এইছ এছ ডি সি, কে এচ এ, কে এন সি এ, এই আই এচ এ ৰ লগতে অন্য 40 টা দল সংগঠনে দিয়া এই বন্ধৰ ফলত সমগ্ৰ ডিমা হাছাও আৰু কাৰ্বি-আংলং স্তব্ধ হৈ পৰিছে ৷
Last Updated : Jul 25, 2019, 3:15 PM IST