ডিমা হাছাও,11 মাৰ্চ:ৰাজ্যৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি ঘন জংঘলত অব্যাহত আছে চোৰাং চিকাৰীৰ অবাধ বিচৰণ ৷ বুধবাৰে ডিমা হাছাও জিলাত চোৰাং চিকাৰীয়ে গুলিয়াই হত্যা কৰিলে এটা নাহৰফুটুকী। জিলাখনৰ প্ৰত্যন্ত বংকাই গাঁৱৰ জংঘলত চোৰাং চিকাৰীয়ে গুলিয়াই হত্যা কৰে নাহৰফুটুকীটোক।
ডিমা হাছাওত চোৰাং চিকাৰীৰ হাতত নিহত নাহৰফুটুকী! - ঘটনাস্থলীত উপস্থিত হয় বনবিভাগৰ কৰ্মী
ডিমা হাছাও জিলাৰ প্ৰত্যন্ত বংকাই গাঁৱত চোৰাং চিকাৰীয়ে গুলিয়াই হত্যা কৰিলে এটা নাহৰফুটুকী ৷ বন বিভাগৰ লোকে উদ্ধাৰ কৰে নাহৰফুটুকীটোৰ মৃতদেহ ৷ নাহৰফুটুকীৰ আক্ৰমণত আহত এজন চোৰাং চিকাৰী ৷
![ডিমা হাছাওত চোৰাং চিকাৰীৰ হাতত নিহত নাহৰফুটুকী! dima hasau_hunter_killed_tiger](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6371079-126-6371079-1583928645265.jpg)
প্ৰাপ্ত তথ্য অনুসৰি,ডিমা হাছাও জিলাৰ প্ৰত্যন্ত বংকাই গাঁৱৰ পৰা কিছু দূৰৈৰ এখন জংঘলত দুই চোৰাংচিকাৰীয়ে চিকাৰৰ উদ্দেশ্যেৰে গৈছিল ৷ চিকাৰৰ বাবে যোৱা দুই চোৰাং চিকাৰীক আক্ৰমণ কৰিছিল এই নাহৰফুটুকীয়ে । এই নাহৰফুটুকীৰ আক্ৰমণত এজন চোৰাং চিকাৰী গুৰুতৰভাৱে আহত হয় ৷ চিকাৰী দুটাক আক্ৰমণৰ বাবে খেদি আহোতেই আনজন চিকাৰীয়ে নাহৰফুটুকীটোক গুলিয়াই হত্যা কৰে বুলি জানিবলৈ পোৱা গৈছে ৷ ইয়াৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় বনবিভাগৰ কৰ্মী ৷ বনবিভাগৰ কৰ্মীয়ে উদ্ধাৰ কৰে নাহৰফুটুকীটোৰ মৃতদেহটো ৷ ইপিনে,নাহৰফুটুকীৰ আক্ৰমণত আহত চোৰাং চিকাৰীজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু নাহৰফুটুকীটোক গুলিয়াই হত্যা কৰা চোৰাং চিকাৰীটোৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ ৷ অন্য এক খবৰৰ বাবে: নগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতত মহিলাসহ সাতজন আহত
উল্লেখযোগ্য যে,বন্যপ্ৰাণী সংৰক্ষণ আইন অনুসৰি জংঘলত বন্যপ্ৰাণী হত্যা কৰা নিষিদ্ধ ৷ কিন্তু ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইত চোৰাং চিকাৰীয়ে বন্যপ্ৰাণীক হত্যা কৰি আহিছে ৷ জিলাখনৰ বনবিভাগে এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷ যাৰ বাবে স্থানীয় ৰাইজে এই নাহৰফুটুকীটোৰ হত্যাত লগত জড়িত দুই চোৰাং চিকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে ডিমা হাছাও জিলাত বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ কাৰণে বনবিভাগে পদক্ষেপ গ্ৰহণৰো দাবী জনায়।