ডিমা হাছাও,24 এপ্ৰিল:কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি হাফলঙত ডিমা হাছাও জিলা প্ৰশাসনে সজাগতা সৃষ্টিৰ চেষ্টা অব্যাহত ৰাখিছে ৷ শনিবাৰে এই সন্দৰ্ভত সজাগতা অভিযান চলোৱা হয় ৷ উল্লেখ্য যে, প্ৰতি শনিবাৰে হাফলঙৰ সাপ্তাহিক বজাৰ অনুষ্ঠিত হয় ৷ কিন্তু এই বজাৰলৈ অহা অধিকাংশ ৰাইজে মানি চলা নাই ক‘ভিড-19 ৰ চৰকাৰী নিয়ম-নীতি ।
প্ৰশাসন আৰু ডিমা হাছাও আৰক্ষীৰ ফালৰ পৰা বজাৰ আৰু ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকক মাস্ক বিতৰণ কৰে ৷ ব্যৱসায়িক প্ৰতিষ্ঠানত পানী, চাবোন আৰু চেনিটাইজাৰ ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে বজাৰসমূহত সামাজিক দূৰত্ব বজাই ৰখাৰ আহ্বান জনায় উপায়ুক্ত গৰাকীয়ে ।