ডিমা হাছাও,২৮ মে': ক'ভিডৰ যুদ্ধত জয়ী হৈ নিজৰ কৰ্তব্যত যোগদান কৰিলে হাফলং অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ মেডিকেল এণ্ড হেলথ অফিচাৰ ডাঃ অজয় কুমাৰ পাল আৰু তেওঁৰ পত্নী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহ সঞ্চালক ডাঃ দীপালি বৰ্মনে ।
যোৱা ১৩ তাৰিখে চিকিৎসক ডাঃ অজয় কুমাৰ পাল আৰু তেওঁৰ পত্নী ডাঃ দিপালি বৰ্মন ক'ভিডত আক্ৰান্ত হৈছিল । চিকিৎসক গৰাকীয়ে কয় যে, তেওঁ যোৱা ১৬ জানুৱাৰীত ক'ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰা প্ৰথম গৰাকী ব্যক্তি আৰু প্ৰতিষেধকৰ দুটাকৈ পালি লোৱাৰ বাবে ক'ভিডে তেনেকৈ আক্ৰমণ কৰিব পৰা নাই তেওঁক আৰু তেওঁৰ পত্নীক ।