হাফলং, 18 আগষ্ট :ডিমা হাছাও জিলাত ব্যাপক হাৰত চৰকাৰী ভূমি বেদখল আৰম্ভ হৈছে । আনকি জিলাখনৰ বিভিন্ন ঠাইত চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ শাসনাধীস্থ বিজেপি দলৰ নেতা-কৰ্মীৰ বিৰুদ্ধে (BJP accused of encroaching upon government land) । সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ নেতা অচিং জেমিয়ে ৷
বৃহস্পতিবাৰে ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ নেতা অচিং জেমিয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, ডিমা হাছাও জিলা বিজেপিৰ কাৰ্যালৰ সন্মুখত মীন বিভাগৰ এটা ফিছাৰী আছে ৷ যিটো ফিছাৰীত মীন বিভাগে মৎস্য পালন কৰে । কিন্তু এই ফিছাৰীটোত এতিয়া ডিমা হাছাও জিলা বিজেপিৰ কাৰ্যালয়ৰ পাৰ্কিং বনোৱাৰ যো-জা চলোৱা হৈছে ৷
মীন বিভাগৰ ফিছাৰীত বিজেপিৰ কাৰ্যালয়ৰ পাৰ্কিং বনোৱাৰ অভিযোগ ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ এই অভিযোগ ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ নেতা অচিং জেমিৰ ৷
লগতে পঢ়ক :বঙাইগাঁৱৰ মাণিকপুৰত অবৈধ কাঠমিলসহ জব্দ বৃহৎ পৰিমাণৰ কাঠ
লগতে তেওঁ উল্লেখ কৰে যে, মীন বিভাগৰ এই ফিছাৰীটোৰ ভূমি হৈছে হাফলং পৌৰ ব’ৰ্ডৰ ৷ মীন বিভাগে এই ভূমি হাফলং পৌৰব’ৰ্ডৰ পৰা 2018 চনৰ মে’ পৰা 2023 চনৰ মে’ মাহলৈকে পাঁচ বছৰৰ বাবে লিজত লৈছে । 2022 চনৰ মে’ মাহলৈকে মীন বিভাগে লিজৰ বাবদ হাফলং পৌৰ ব’ৰ্ডক ৰাজহ প্ৰদান কৰি আহিছে । কিন্তু এতিয়া মীন বিভাগৰ এই ফিছাৰীটোৰ চাৰিওকাষৰ বেৰ ভাঙি দিয়া হৈছে ৷
এই ফিছাৰীটোত এতিয়া মাটি ভৰাই তাত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ’ব বুলি অভিযোগ উত্থাপন কৰে অচিং জেমিয়ে ৷ সেয়ে তেওঁ বিভাগীয় কৰ্তৃপক্ষক মীন বিভাগৰ এই ফিছাৰীটোৰ বেৰা অনতিপলমে ঠিক কৰি তুলিবলৈ দাবী জনাইছে ৷ যদিহে শীঘ্ৰ এই ফিছাৰীটোৰ বেৰা ঠিক নকৰে তেন্তে, জিলা তৃণমূল কংগ্ৰেছে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি এক প্ৰকাৰে সংবাদ মাধ্যমৰ জৰিয়তে হুংকাৰ প্ৰদান কৰে অচিং জেমিয়ে ৷
লগতে পঢ়ক :কাৰাগাৰৰ কয়দীক হত্যাত অভিযুক্ত ১৫ জনক মৃত্যুদণ্ডৰ আদেশ ঝাৰখণ্ড আদালতৰ