অসম

assam

ETV Bharat / state

দেৱলাল গার্লোচাৰ প্ৰসংগক কেন্দ্ৰ কৰি উত্তাল ডিমা হাছাওৰ ৰাজনীতি - চেমুয়েল চাংছন

ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাক অপসাৰণ কৰি পাৰ্বত্য পৰিষদৰ বিজেপি সদস্য ৰাহুল নাইডিঙক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পতাৰ যি খবৰ প্ৰকাশিত হৈছে এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন ৷ বিজেপিৰ ৰাজ্যিক নেতৃত্বইও এই বিষয়ত একো সিদ্ধান্ত লোৱা নাই বুলি দাবী কৰে ধনপাইনন থাওচেনে।

dima hasao political situatuion
দেৱলাল গার্লোচাৰ প্ৰসংগক কেন্দ্ৰ কৰি উত্তাল ডিমা হাছাওৰ ৰাজনীতি

By

Published : Oct 22, 2020, 6:11 PM IST

ডিমা হাছাও, 22 অক্টোবৰ:উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোচাৰ প্ৰসংগক কেন্দ্ৰ কৰি এতিয়া ডিমা হাছাও জিলাৰ ৰাজনীতি উত্তাল হৈ পৰিছে । ডিমা হাছাও জিলাৰ চি ই এম দেৱলাল গাৰ্লোচাক চি ই এম পদৰ পৰা অপসাৰণ কৰি ৰাহুল নাইডিঙক চিইএম পতা হব বুলি বিভিন্ন সংবাদ মাধ্যমত খবৰ প্ৰচাৰিত হোৱাৰ পিচত তাকে লৈ সৰৱ হৈ উঠিছে ডিমা হাছাও জিলা বিজেপি। বৃহস্পতিবাৰে হাফলং বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰি ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনে কয় যে, ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাক অপসাৰণ কৰি পাৰ্বত্য পৰিষদৰ বিজেপি সদস্য ৰাহুল নাইডিঙক চি ই এম পতাৰ যি খবৰ প্ৰকাশিত হৈছে এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন ৷ বিজেপিৰ ৰাজ্যিক নেতৃত্বইও এই বিষয়ত কোনো সিদ্ধান্ত লোৱা নাই বুলি দাবী কৰে ধনপাইনন থাওচেনে।

দেৱলাল গার্লোচাৰ প্ৰসংগক কেন্দ্ৰ কৰি উত্তাল ডিমা হাছাওৰ ৰাজনীতি

ইপিনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ই.এম চেমুয়েল চাংছনেও চি.ই.এম পৰিবৰ্তনৰ খবৰক ভিত্তিহীন বুলি মন্তব্য কৰি কয় যে, " এতিয়া চি.ই.এম পৰিৱৰ্তন কৰাৰ প্ৰশ্নই নুঠে।" চি.ই.এম দেৱলাল গাৰ্লোচাই নিজেই ঘোষণা কৰিছে তেওঁৰ আদালতৰ ওপৰত পূৰ্ণ আস্থা আছে আৰু তেওঁ যদি আদালতত দোষী সাব্যস্ত হয় তেনেহলে নিজেই তেওঁ চি.ই.এমৰ পদৰ পৰা পদত্যাগ কৰিব বুলি সংবাদ মেলত মন্তব্য কৰে চেমুয়েল চাংছনে।

লগতে পঢ়ক: স্থলসেনাত সংযোজিত হ'বলৈ সাজু নাগ ক্ষেপনাস্ত্ৰ

ABOUT THE AUTHOR

...view details