ডিমা হাছাও, 18 আগষ্ট : অসম আৰক্ষীৰ বৰ্বৰতাক লৈ এতিয়া ডিমা হাছাও জিলাত চাঞ্চল্যৰ সৃষ্টি হৈছে (Allegations of police brutality in Dima Hasao)। হেলমেট নিপিন্ধাৰ বাবেই হাফলঙত এজন যুৱকক প্ৰহাৰ আৰক্ষীৰ । ডিমা হাছাও আৰক্ষীৰ এনে কৰ্মকাণ্ড এতিয়া চ’চিয়েল মিডিয়াত ভাইৰাল হৈ পৰিছে ।
ডিমা হাছাও জিলাত নতুন আৰক্ষী অধীক্ষক হিচাবে ময়ংক কুমাৰে যোগ দিয়াৰ পিছতে জিলাখনত আৰক্ষীৰ বৰ্বৰতাৰ এই কাণ্ড পোহৰলৈ আহিছে । উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে ডিমা হাছাও জিলা পৰিবহণ বিভাগেও আইন ভংগকাৰীসকলৰ (Violation of traffic rules) বিৰুদ্ধে কঠোৰ হৈছে । যান-বাহন আইন নমনাসকলক বিহিছে জৰিমনা ৷
ঘটনাৰ বিৱৰণ অনুসৰি বুধবাৰে হাফলং চহৰত এগৰাকী যুৱকে হেলমেট নিপিন্ধাকৈ মটৰ চাইকেলেৰে আহি আৰক্ষীৰ নাকা চেকিঙৰ মুখামুখি হয় ৷ তেনেতে কৰ্মৰত এগৰাকী যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে যুৱকজনক জৰিমনা বিহাৰ পৰিৱৰ্তে বেয়াকৈ প্ৰহাৰ কৰে ৷ ইমানতে ক্ষান্ত নাথাকি আৰক্ষীয়ে যুৱকজনক জোৰ কৰি থানালৈ লৈ যায় ৷