ডিমা হাছাও,14 মে’ : ক’ভিডৰ নতুন নিয়ম লৈ কঠোৰ হৈ পৰিছে ডিমা হাছাও জিলা প্ৰশাসন তথা আৰক্ষী । দ্ৰুত হাৰত কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নিয়মক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে জিলাখনৰ আৰক্ষীয়ে ।
বৃহস্পতিবাৰে ক’ভিডৰ নতুন নিয়মক লৈ পাহাৰীয়া জিলাখনত সষ্টম হৈ উঠে আৰক্ষী প্ৰশাসন ৷ দিনৰ 1 বজাৰ লগে লগে হাফলং চহৰৰ সকলো দোকান-পোহৰ, বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰাৰ লগতে 2 বজাৰ লগে লগে সমগ্ৰ জিলাখনত সান্ধ্য আইন বলৱৎ কৰা হয় ।
সমগ্ৰ চহৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে কয় যে, ৰাজ্য চৰকাৰৰ ফালৰ পৰা ক’ভিডক লৈ যি নতুন নীতি-নিয়ম বান্ধি দিয়া হৈছে, তাক লৈ আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷ ইয়াৰ বাবে আৰক্ষী অধীক্ষক গৰাকীয়ে সকলো ৰাইজৰ সহযোগিতাৰ আহ্বান জনায় ৷