স্বাধীনতা দিৱসৰ দিনাই ডিমা হাছাও আৰক্ষীৰ অভিযান - বিদ্যুৎ লাংথাচা
ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে জানিবলৈ দিয়ৈ মতে, ধৃত বিদ্যাত লাংথাচা ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ বিত্ত সচিব মুছৰাং ওৰফে নাইডিং ডিমাছাৰ লগত বহু দিনৰ পৰা যোগাযোগ ৰক্ষা কৰি আহিছিল ।
ডিমা হাছাও, 15 আগষ্টঃ ডিমাছা নেশ্বনেল লিবেৰেচন আৰ্মি চমুকৈ ডি এন এল এ নামৰ বিদ্ৰোহী সংগঠনৰ লগত জড়িত থকাৰ অভিযোগত ডিমা হাছাও আৰক্ষীয়ে বৃহস্পতিবাৰে মাইবাং বজাৰৰ পৰা বিদ্যুৎ লাংথাচা ওৰফে ৰিংহাম ( 30 ) নামৰ এজন যুৱক আটক কৰে ৷ ঘটনা অনুসৰি, বৃহস্পতিবাৰে পুৱা গোপন সূত্ৰৰ পম খেদি ডিমা হাছাও আৰক্ষী আৰু 11 নং অসম ৰাইফেলছৰ এটা দলে মাইবাং মহকুমাৰ লংগাওব্ৰ গাঁৱত অভিযানত চলাই যুৱক জনক আটক কৰিবলৈ সক্ষম হয় ৷ ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে জানিবলৈ দিয়ৈ মতে, ধৃত বিদ্যাত লাংথাচা ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ বিত্ত সচিব মুছৰাং ওৰফে নাইডিং ডিমাছাৰ লগত বহু দিনৰ পৰা যোগাযোগ ৰক্ষা কৰি আহিছিল । ডিফু আৰক্ষী থানাৰ অন্তৰ্গত দলদলিৰ জুপুৰীয়া গাঁৱৰ বিদ্যুৎক বৰ্তমান লাংটিং আৰক্ষী থানাত জেৰা চলাই থকা হৈছে বুলি আৰক্ষীৰ সূত্ৰে জানিবলৈ দিছে ৷