ডিমা হাছাও, 5জুন : ডিমা হাছাও জিলাত নতুনকৈ আৰু 14 গৰাকী ক'ৰণা ভাইৰাছত আক্ৰান্ত হৈছে । ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰ নিশা টুইটযোগে এই তথ্য সদৰী কৰে । ডিমা হাছাও জিলাত বৰ্তমানলৈকে মুঠ 48 গৰাকী লোক ক'ৰণা ভাইৰাছত আক্ৰান্ত হৈছে । ইয়াৰে 7 গৰাকী ব্যক্তি সুস্থ হৈ ঘৰলৈ উভতি গৈছে ।
ডিমা হাছাওত নতুনকৈ 14 গৰাকী আক্ৰান্ত কৰ'ণা ভাইৰাছত - 14 more covid positive case
ডিমা হাছাওত পুনৰ ১৪ জনকৈ লোক কোভিড-১৯ আক্ৰান্ত হৈছে । আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । আনহাতে বহিঃৰাজ্যৰ পৰা অহা ৩১৫ জনৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।
![ডিমা হাছাওত নতুনকৈ 14 গৰাকী আক্ৰান্ত কৰ'ণা ভাইৰাছত 14 more positive case at dima hasao](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10:27-14-05062020095015-0506f-1591330815-48.jpg)
বৰ্তমানে 40 গৰাকী ৰোগী হাফলং অসামৰিক চিকিৎসালয়ৰ আইছ'লেচন ৱাৰ্ডত ভৰ্তি হৈ আছে আৰু এগৰাকী ব্যক্তি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত আছে ৷ ইপিনে বহিঃৰাজ্যৰ পৰা উভতি অহা নতুনকৈ যি 14 জন লোকৰ দেহত কৰ'ণা ভাইৰাছ পোৱা গৈছে ৷ তেওঁলোকক ৰখা হৈছিল ডিমা হাছাও জিলাৰ বিভিন্ন কোৱাৰেটাইন চেণ্টাৰত । বৃহস্পতিবাৰে এগৰাকী ৰোগীক হাফলঙৰ এখন হোটেলত থকা কোৱাৰেন্টাইন চেণ্টাৰৰ পৰা চিকিৎসালয় লৈ যোৱা হৈছে । আনহাতে, ইতিমধ্যে বহিঃৰাজ্যৰ পৰা উভতি অহা 315 জনৰ স্বাৱ সংগ্ৰহ কৰি টেষ্টৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ।