ডিমা হাছাও, 30 ছেপ্টেম্বৰ :সম্পূৰ্ণ ক’ভিড বিধি মাজেৰে বুধবাৰৰ পৰা জাতিংগাত মুকলি কৰা হয় জাতিংগা মহোৎসৱৰ । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই বুধবাৰ সন্ধিয়া বন্তি প্ৰজ্জ্বলন কৰি দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত জাতিংগা মহোৎসৱৰ উদ্বোধন কৰে । ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ জাতিংগা মহোৎসৱত 18 বছৰৰ তলৰ যুৱক-যুৱতী আৰু শিশুসকলক উৎসৱস্থলীত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ তদুপৰি যিসকল লোকে ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধকৰ গ্ৰহণ কৰিছে তেওঁলোককহে উৎসৱস্থলীত প্ৰৱেশৰ অনুমতি দিছে আয়োজকসকলে ।
ইপিনে জাতিংগা মহোৎসৱ উপভোগ কৰিবলৈ এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলৰ আগমন ঘটিছে । জাতিংগা মহোৎসৱত তুলি ধৰা হৈছে পাহাৰীয়া জিলাখনৰ বিভিন্ন লোক সংস্কৃতি আৰু হস্ততাঁত শিল্পৰ প্ৰদৰ্শনীৰ লগতে বিভিন্ন জনগোষ্ঠীৰ থলুৱা খাদ্যৰ বিপনী খোলা হৈছে । জাতিংগা মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচাই জাতিংগাত পক্ষীৰ আগমণ ভগৱানৰ দান বুলি মন্তব্য কৰি পৰিভ্ৰমী পক্ষীৰ সংৰক্ষণৰ ক্ষেত্ৰত আৰু অধিক সজাগ হ’ব লাগিব বুলি উল্লেখ কৰে ।