ডিমা হাছাও, 18 নৱেম্বৰঃ ডিমা হাছাওৰ মাহুৰত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ মাহুৰৰ পুৰণি মিটাৰ গজ ৰে’ল ষ্টেচনৰ সমীপত মাটিৰ তলৰ পৰা নিৰ্গত হৈছে জুই ৷ মঙলবাৰে নিশাৰ পৰা এনেদৰে মাটি তলৰ পৰা জুই নিৰ্গত হোৱা পৰিলক্ষিত হৈছে যদিও এই পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই কোনো বিশেষজ্ঞৰ দল ৷ মাটিৰ তলৰ পেট্ৰ’লিয়াম জাতীয় বস্তুৰ পৰা জুঁই জ্বলাৰ সম্ভাৱনা ৷
ডিমা হাছাওৰ মাহুৰত মাটিৰ তলৰ পৰা নিৰ্গত হৈছে জুই - dima hasao mahur
ডিমা হাছাও জিলাৰ মাহুৰত মাটিৰ তলৰ পৰা নিৰ্গত হৈছে জুই ৷ মাটিৰ তলৰ পেট্ৰলিয়াম জাতীয় বস্তুৰ পৰা জুই জ্বলা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
ডিমা হাছাওৰ মাহুৰত মাটিৰ তলৰ পৰা নিৰ্গত হৈছে জুই
বুধবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰে ডিমা হাছাও জিলা উপায়ুক্ত পল বৰুৱা আৰু আৰক্ষী অধীক্ষক জয়ন্ত সিঙে ৷ আনহাতে,এই ভূমি উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ হোৱা বাবে ঠাইখিনিৰ চাৰিওকাষে এটা বেৰিকেড বনাই দিয়ে ৰে’ল বিভাগে ৷ স্থানটোৰ পৰা গেছৰ গোন্ধ ওলোৱা বুলি জনাইছে স্থানীয় বাসিন্দাই ৷ সেয়েহে এতিয়া যিকোনো সময়তেই সংঘটিত হ’ব পৰা ভয়ংকৰ বিপদৰ আশংকাই দেখা দিছে স্থানীয় ৰাইজৰ মাজত ৷