ডিমা হাছাও, ২৩ নৱেম্বৰ: প্ৰাকৃতিক সৌন্দর্যৰে পৰিপূৰ্ণ ডিমা হাছাও জিলাৰ নিউ টুংবুং গাঁৱত অনুষ্ঠিত ফেলকণ উৎসৱৰ দেওবাৰে সামৰণি পৰে । শনিবাৰে সন্ধিয়াৰ পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা ফেলকণ উৎসৱৰ উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্ল'চাই। উমৰাংচুত ফেলকণ উৎসৱৰ উদ্বোধন কৰি দেৱলাল গাৰ্ল'চাই কয় যে, আমোৰ ফেলকণৰ বাবে এতিয়া উমৰাংচু জনাজাত হৈ পৰিছে।
প্ৰতি বছৰে অক্টোবৰ মাহৰ পৰা উমৰাংচুত আমোৰ ফেলকণ চৰাই আহিবলৈ আৰম্ভ কৰে। ৰাইজৰ মাজত সজাগতা সৃষ্টি আৰু আৰু আমোৰ ফেলকণ চৰাইৰ চিকাৰ বন্ধ কৰাৰ উদ্দেশ্য়েৰে এই ফেলকণ উৎসৱ আৰম্ভ কৰা হৈছিল বুলি তেওঁ মন্তব্য কৰে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ফেলকণ উৎসৱত সুন্দৰী প্ৰতিযোগিতাৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। জনগোষ্ঠীয় গীতেৰে মুখৰিত হৈ পৰে উৎসৱস্থলী।