ডিমা হাছাও, ৯ নৱেম্বৰ: ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত ব্য়াপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে। ডিমাচা ছাত্ৰ সন্থাই অভিযোগ তুলিছে যে, শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰ নিৰ্মাণৰ কামত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কেৱল ধন শৰাধ কৰি আহিছে। আজিকোপতি ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'ল। এতিয়ালৈকে নিৰ্মাণ সম্পূৰ্ণ কৰা পথত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ তুলিছে ছাত্ৰ সংগঠনটোৱে। সেয়ে, এই সন্দৰ্ভত CBI তদন্তৰ দাবী জনাইছে ডিমাচা ছাত্ৰ সন্থাই।
সংগঠনটোৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙয়ে কয় যে, বিগত দেৰ দশক ধৰি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। ২০১১ চনত জাতিংগাৰ পৰা হাৰেংগাজাও সংযোগী ২৫ কিল'মিটাৰ অংশ নিৰ্মাণৰ দায়িত্ব জে কে এম ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণকাৰী সংস্থাটোক অৰ্পণ কৰাৰ পিছত যোৱা ৫ বছৰত এই নিৰ্মাণকাৰী সংস্থাটোৱে মাত্ৰ ৪ কিল'মিটাৰ পথহে নিৰ্মাণ কৰে। ফলত ২০১৬ চনত এই নিৰ্মাণকাৰী সংস্থাটোক ব্লেকলিষ্টেড কৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকৰণে।