অসম

assam

ETV Bharat / state

ক'ৰণাকলৈ উদ্বেগ প্ৰকাশ ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱাৰ - district deputy commissioner Pal Baruah expresses concern over the coron

ৰাজ্যত পুনৰ ক'ৰণা ৰোগীৰ সংখ্যা বৃদ্ধিকলৈ উদ্বেগ প্ৰকাশ কৰিছে ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱাই ৷ মঙলবাৰে হাফলংত শিখ সম্প্ৰদায়ৰ বৈশাখি উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ক'ৰণাৰ দ্বিতীয় ঢৌকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি স্বাস্থ্য তথা ৰাজ্য চৰকাৰে প্ৰকাশ কৰা স্বাস্থ্য বিধি পালন কৰিবলৈ সকলোকে আহ্বান জনায় ৷

ক'ৰণাকলৈ উদ্বেগ প্ৰকাশ ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱাৰ
ক'ৰণাকলৈ উদ্বেগ প্ৰকাশ ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱাৰ

By

Published : Apr 14, 2021, 11:23 AM IST

ডিমা হাছাও,14 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে ৰাজ্যত পুনৰ ক'ৰণা ৰোগীৰ সংখ্যা বৃদ্ধিকলৈ উদ্বেগ প্ৰকাশ কৰিছে ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱাই ৷ মঙলবাৰে হাফলংত শিখ সম্প্ৰদায়ৰ বৈশাখি উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ক'ৰণাৰ দ্বিতীয় ঢৌকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি স্বাস্থ্য তথা ৰাজ্য চৰকাৰে প্ৰকাশ কৰা স্বাস্থ্য বিধি পালন কৰিবলৈ সকলোকে আহ্বান জনায় ৷

অনুষ্ঠানটোত উপস্থিত থাকি জিলা উপায়ুক্ত গৰাকীয়ে কয়, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সকলো সজাগতা মূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ৷ গতিকে জিলাখনৰ সকলো স্তৰৰ লোকে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক হোৱাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰখাতো বাধ্যমূলক কৰিছে ৷ ইয়াৰোপৰি জিলাখনত পূৰ্বতকৈ আৰু অধিক COVID-19 পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহৰ বাবে জাননী প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: ইটিভি ভাৰতৰ হায়দৰাবাদস্থিত মুখ্যকাৰ্যালয়ত ৰঙালীৰ উছাহ

ABOUT THE AUTHOR

...view details