হাফলং 14 জুলাই :2008 চনত অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমানক হত্যাৰ গোচৰত অভিযুক্ত উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই এই গোচৰৰ ৰাজসাক্ষী বিকাশ থাওচেনক আদালতত সাক্ষ্য নিদিবলৈ তেওঁৰ পৰিয়ালক ভাবুকি প্ৰদান কৰা আৰু টকা আৰু চাকৰিৰ প্ৰলোভন দিয়াৰ অভিযোগ উঠিছে ৷ এইজন দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে প্ৰতিবাদ আৰু পিআৰচিৰ নামত ৰাইজক হাৰাশাস্তি কৰাৰ প্ৰতিবাদত ডিমা হাছাও জিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে ৷
ইয়াৰ সমান্তৰালকৈ অসমমালাৰ অধীনত পথ নিৰ্মাণৰ বাবে ডিমা হাছাও জিলাত ভূমি অধিগ্ৰহণ কৰা গাঁৱৰ বাসিন্দাসকলক ক্ষতিপূৰণ নিদিয়াৰো প্ৰতিবাদ কৰে ডিমা হাছাও জিলা কংগ্ৰেছে ৷ শুকুৰবাৰে হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ডিমা হাছাও জিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসৰ জৰিয়তে ষষ্ঠ অনুসূচীৰ মুৰব্বী তথা অসমৰ ৰাজ্যপালৰ উদ্দেশ্যে এক স্মাৰকলিপি প্ৰেৰণ কৰে ।
আনহাতে প্ৰতিবাদস্থলীত ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰে সাংবাদিকৰ আগত কয়, ‘‘উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদত এতিয়া স্বৈৰাচাৰি ৰাজত্ব চলিছে । ষষ্ঠ অনুসূচীৰ অধীনত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকী মাহত চাৰি পাঁচবাৰ কৈ আদালতত হাজিৰ হ’ব লগা হয় ৷ অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমান হত্যাৰ ৰাজ সাক্ষীক আদালতত সাক্ষ্য নিদিবলৈ ভাবুকি প্ৰদান কৰি নিজকেই দোষী সাব্যস্ত কৰা এজন ব্যক্তি যাৰ বিৰুদ্ধে চার্জশ্বীটো আছে এনে ধৰণৰ ব্যক্তিক সাংবিধানিক পদত বহাই ৰাখিছে আদৰ্শবাদী দল হিচাবে পৰিচয় দিয়া বিজেপি দলে’’ ৷ এই অভিযোগ উত্থাপন কৰি সমৰজিত হাফলংবাৰে কয় এনে ধৰণৰ ব্যক্তিক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদৰ পৰা অপসাৰণ কৰা উচিত ।