অসম

assam

ETV Bharat / state

চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা ডিমা হাছাও জিলা কংগ্ৰেছৰ - অসম ষষ্ঠ অনুসূচী পৰিষদ বিভাগ

ৰাজ্য চৰকাৰে পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ বিলুপ্তি কৰি অসম ষষ্ঠ অনুসূচী পৰিষদ বিভাগ কৰিবলৈ লোৱাৰ সিদ্ধান্তৰ বিৰোধিতা ডিমা হাছাও জিলা কংগ্ৰেছৰ ৷ শনিবাৰে হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰক অনতিপলমে এই সিদ্ধান্ত সলনি কৰাৰ দাবী জনায় জিলা কংগ্ৰেছে ৷

DIMA HASAO DISTRICT CONGRESS PRESSMEET
চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা ডিমা হাছাও জিলা কংগ্ৰেছৰ

By

Published : Feb 14, 2021, 8:45 PM IST

ডিমা হাছাও,14 ফেব্ৰুয়াৰী: ৰাজ্য চৰকাৰে পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ বিলুপ্তি কৰি অসম ষষ্ঠ অনুসূচী পৰিষদ বিভাগ কৰিবলৈ লোৱাৰ সিদ্ধান্তৰ বিৰোধিতা ডিমা হাছাও জিলা কংগ্ৰেছৰ ৷ দেওবাৰে হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰক অনতিপলমে এই সিদ্ধান্ত সলনি কৰাৰ দাবী জনায় জিলা কংগ্ৰেছে ৷

সংবাদমেলত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কালীজয় চেংয়ুঙয়ে কয়, ৰাজ্য চৰকাৰ যোৱা 10 ফেব্ৰুৱাৰীত লোৱা অসম ষষ্ঠ অনুসূচী পৰিষদ বিভাগৰ সিদ্ধান্ত দূৰ্ভাগ্যজনক ৷ ৰাজ্য চৰকাৰে বিৰোধী দলবোৰৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাকৈ গ্ৰহণ কৰা এনে সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয় ৷

চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা ডিমা হাছাও জিলা কংগ্ৰেছৰ

তদুপৰি, চেংয়ুঙয়ে উল্লেখ কৰে যে, বড়ো জনগোষ্ঠী সমতলৰ অনুসূচীত জাতি আৰু কাৰ্বি-আংলং-ডিমা হাছাও জিলাত বসবাস কৰা সকল পাৰ্বত্য অনুসূচীত জাতি ৷ যাৰ বাবে ৰাজ্য চৰকাৰে বিটিআৰ-ক অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰি পাৰ্বত্য এলেকা উন্নয়ন বিভাগক বিলুপ্তি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

আনহাতে চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে অনাগত দিনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে ডিমা হাছাও জিলা কংগ্ৰেছে ৷

লগতে পঢ়কঃঅসমক বিজেপিয়ে লুণ্ঠনৰ থলীত পৰিণত কৰিছে: ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details