অসম

assam

ETV Bharat / state

ডিমা হাছাও কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ নিৰ্মল লাংথাচাৰ

নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিচতে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচাৰ পদত্যাগ ৷ নিৰ্মল লাংথাচাই 2016 আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনত একেৰাহে দুবাৰকৈ পৰাজয় বৰণ কৰে ৷ পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত সভাপতি নিৰ্মল লাংথাচাৰ ৷

dima hasao district congress president resign after his defeat
ডিমা হাছাও জিলা কংগ্ৰেছ সভাপতি পদৰ পৰা পদত্যাগ নিৰ্মল লাংথাচাৰ

By

Published : May 10, 2021, 7:56 PM IST

ডিমা হাছাও,10 মে': ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচাৰ পদত্যাগ ৷ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিচতে দলৰ সভাপতিৰ পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ জিলা কংগ্ৰেছৰ সূত্ৰই জানিবলৈ দিয়া মতে, ডিমা হাছাও জিলা কংগ্ৰেছ সভাপতি পদৰ পৰা পদত্যাগৰ কথা সোমবাৰে ঘোষণা কৰে নিৰ্মল লাংথাচাই ৷ ইতিমধ্যে লাংথাচাই পদত্যাগ পত্ৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচাই এইবাৰৰ বিধানসভা নিৰ্বাচনত হাফলং সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু নিৰ্বাচনত বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লোচাৰ বিৰুদ্ধে 18,433 টা ভোটৰ বিশাল ব্যৱধানত পৰাজয় বৰণ কৰিবলগা হৈছিল লাংথাচাই ।

নিৰ্মল লাংথাচাই 2016 আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনত একেৰাহে দুবাৰ শোচনীয় পৰাজয় বৰণ কৰিবলগা হোৱাত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক :দেশত তুলনামূলকভাৱে হ্ৰাস দৈনিক ক'ভিড আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

...view details